গুৱাহাটী,১৪ জুন: কৰ’ণাৰ বিৰুদ্ধে বিৰামহীনভাৱে চলাই যোৱা যুঁজখনৰ মাজতে হঠাতে দেওবাৰে সামান্য পৰিমাণে অসুস্থ হৈ পৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । গুৰুতৰভাৱে পেটৰ বিষত আক্ৰান্ত হোৱাৰ বাবে মন্ত্ৰীগৰাকী উপস্থিত হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ।
কৰ’ণা যুদ্ধৰ মাজতে অসুস্থ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা - স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
দেওবাৰে সামান্য পৰিমাণে অসুস্থ হৈ পৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । সম্প্ৰতি চিকিৎসকৰ পৰামৰ্শত নিজা বাসগৃহতে চেলাইন আৰু বিষৰ বেজী গ্ৰহণ কৰি বিশ্ৰামত আছে মন্ত্ৰীগৰাকী ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে গুণমুগ্ধসকলে মন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ।
অসুস্থ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
চিকিৎসকৰ পৰামৰ্শ অনুসৰি মন্ত্ৰী শৰ্মাৰ আল্ট্ৰাচাউণ্ড কৰা হয় আৰু এই পৰীক্ষাত মন্ত্ৰীগৰাকীৰ বৃক্কত পাথৰ হোৱা বুলি ধৰা পৰে । সম্প্ৰতি চিকিৎসকৰ পৰামৰ্শত নিজা বাসগৃহতে চেলাইন আৰু বিষৰ বেজী গ্ৰহণ কৰি বিশ্ৰামত আছে মন্ত্ৰীগৰাকী ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে গুণমুগ্ধসকলে মন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ।