অসম

assam

ETV Bharat / state

Sudakshina Sarma tribute ceremony: সুদক্ষিণা শৰ্মালৈ সংগ্ৰাম লগ্নে আজি শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - সংগ্ৰাম লগ্নে আজি শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

গণশিল্পী সুদক্ষিণা শৰ্মা বিহীন এটা মাহ । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সুদক্ষিণা শৰ্মালৈ "সংগ্ৰাম লগ্নে আজি" শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । এই অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

Sudakshina Sarmas tribute ceremony held at Srimanta Sankaradeva Kalakshetra
সুদক্ষিণা শৰ্মাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

By

Published : Aug 4, 2023, 1:03 PM IST

সুদক্ষিণা শৰ্মাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

চিটাৰা ডেস্ক, 4 আগষ্ট: অসমৰ এগৰাকী খ্যাতনামা কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা । অৱশ্যে এতিয়া আমাৰ মাজত নাই কণ্ঠশিল্পীগৰাকী ৷ যোৱা 3 জুলাইত ইহলীলা সম্বৰণ কৰে তেখেতে ৷ বৃহস্পতিবাৰে এমাহ পূৰ হয় তেওঁৰ মৃত্যুৰ ৷ সেয়েহে, বৃহস্পতিবাৰে নাটকথা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত সুদক্ষিণা শৰ্মালৈ "সংগ্ৰাম লগ্নে আজি" শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনাই পৰিৱেশন কৰা হয় শিল্পীগৰাকীৰ বহুকেইটা গীত। বিদ্যা সাগৰ, ৰূপম ভূঞা, গায়ত্ৰী হাজৰিকা, ভাস্বতী ৰাজবংশীৰ লগতে কেইবাগৰাকী কণ্ঠশিল্পীয়ে গীত পৰিবেশন কৰে গীত । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সুদক্ষিনা শৰ্মাৰ ভাতৃ শিল্পী সমৰ হাজৰিকা, মনিষা হাজৰিকাৰ লগতে শিল্পী সমাজৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

লগতে এই অনুষ্ঠানতেই উন্মোচন কৰা হয় এখন স্মৃতি গ্ৰন্থ । স্মৃতি গ্ৰন্থ উন্মোচন কৰে পৰমানন্দ ৰাজবংশীয়ে । অনুষ্ঠানটি আঁত ধৰে কণ্ঠশিল্পী তৰালী শৰ্মাই । ১০ বছৰ বয়সতে কলকাতাত ‘নাহৰ ফুলে নুশুৱাই’ গীতটো বাণীবদ্ধ কৰিছিল সুদক্ষিণা শৰ্মাই । ইয়াৰোপৰি ‘বিশ্বৰ ছন্দে ছন্দে’ সহ বহু কালজয়ী গীতত কণ্ঠ নিগৰাইছিল সুদক্ষিণা শৰ্মাই ।

উল্লেখ্য যে, বিষ্ণু প্ৰসাদ ৰাভাৰ তত্বাৱধানত শিল্পীগৰাকীয়ে আৰম্ভ কৰিছিল সংগীত জীৱন । মণিৰাম দেৱান, চিকমিক বিজুলী আদি ছবিত নিজৰ কণ্ঠৰে মন্ত্ৰমুগ্ধ কৰিছিল সকলোকে ৷ ২০০২ চনত শিল্পীগৰাকীয়ে লাভ কৰিছিল সংগীত নাটক অকাডেমী বঁটা । আনহাতে, ২০০৮ চনত লাভ কৰিছিল লিঅ’ এক্সপ’ৰ সন্মান । ২০১০ চনত ‘চাতক’ সন্মান লাভ কৰিছিল শিল্পীগৰাকীয়ে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, অসম তথা ভাৰতৰ এগৰাকী সুখ্যাত গায়ক, সংগীত, গীতিকাৰ আৰু সুৰকাৰ তথা চলচ্চিত্ৰ পৰিচালক ভূপেন হাজৰিকাৰ ভগ্নী সুদক্ষিণা শৰ্মা আৰু সুৰকাৰ, গীতিকাৰ আৰু সংগীতশিল্পী দিলীপ শৰ্মাৰ পত্নী । যোৱা ৩ জুলাই তাৰিখে ৮৯ বছৰ বয়সত GMCHত শেষ নিশ্বাস ত্যাগ কৰে সুদক্ষিণা শৰ্মাই । নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী ।

লগতে পঢ়ক:Jannayak Deveshwar Sharma Memorial Day: জননায়ক দেৱেশ্বৰ শৰ্মাৰ স্মৃতি দিৱসত নেইষ্টৰ সঞ্চালকক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details