অসম

assam

ETV Bharat / state

২৪ ঘণ্টাৰ ভিতৰত ওভতাই পালে হেৰুওৱা ৩৫ লাখ টকা

অপৰাধীৰ ৰম্যভূমি হিচাপে পৰিচিত গুৱাহাটী মহানগৰীৰ অংকুৰ হাজৰিকা নামৰ এগৰাকী ব্যক্তিৰ SBI একাউণ্টৰ পৰা হৰলুকি হৈছিল ৩৫ লাখ টকা ৷ CID ৰ হেল্পলাইন নম্বৰ ১৫৫২৬০ ৰ জৰিয়তে ব্যক্তিগৰাকীয়ে দাখিল কৰিছিল অভিযোগ ৷ আৰক্ষীৰ তৎপৰতাত ২৪ ঘণ্টাৰ পিছতে ভুক্তভোগী ড৹ হাজৰিকাই বেংক একাউণ্টত লাভ কৰে সমুদায় ধন ৷

By

Published : Nov 3, 2021, 3:40 PM IST

২৪ ঘণ্টাৰ ভিতৰত পালে হেৰুওৱা ৩৫ লাখ টকা
২৪ ঘণ্টাৰ ভিতৰত পালে হেৰুওৱা ৩৫ লাখ টকা

গুৱাহাটী, 3 নৱেম্বৰ :অসম আৰক্ষীৰ সফল অভিযান ৷ অসম আৰক্ষীৰ তৎপৰতাত হেৰুওৱা ধন ঘূৰাই পালে ড৹ অংকুৰ হাজৰিকা নামৰ এজন লোকে ৷ উল্লেখ্য যে, অংকুৰ হাজৰিকাৰ SBI একাউণ্টৰ পৰা হৰলুকি হৈছিল ৩৫ লাখ টকা ৷ এই বিষয়ে হাজৰিকাই পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰিছিল এক গোচৰ ৷ তদুপৰি এই সন্দৰ্ভত তেওঁ CID ৰ হেল্পলাইন নম্বৰ ১৫৫২৬০ ৰ জৰিয়তেও দাখিল কৰিছিল অভিযোগ ৷

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযোগটোৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰি তদন্ত আৰম্ভ কৰে ৷ আৰক্ষীৰ তৎপৰতাত ২৪ ঘণ্টাৰ পিছতে ভুক্তভোগী ড৹ হাজৰিকাই বেংক একাউণ্টত লাভ কৰে সমুদায় ধন ৷ উল্লেখ্য যে, বেংক একাউণ্টৰ পৰা ধন হৰলুকি হোৱাৰ অভিযোগ দাখিল কৰিবলৈ আৰক্ষীয়ে পূৰ্বে মুকলি কৰিছিল চিআইডিৰ এটা হেল্পলাইন নম্বৰ ৷

একাউণ্টৰ পৰা ধন হৰলুকি হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত ১৫৫২৬০ হেল্পলাইন নম্বৰৰ জৰিয়তে অভিযোগ দাখিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল অসম আৰক্ষীয়ে ৷ ইতিমধ্যে এই হেল্পলাইন নম্বৰৰ যোগেদি অভিযোগ দি বহুলোকে হেৰুওৱা ধন পাবলৈ সক্ষম হৈছে ৷

লগতে চাওক:প্ৰবীণ ৰাজনীতিক আব্দুল মুহিব মজুমদাৰৰ শেষ নিশ্বাস ত্যাগ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details