অসম

assam

ETV Bharat / state

দিছপুৰ লাষ্ট গেটত সদৌ অসম দেউৰী আৰু কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ প্ৰতিবাদ - দিছপুৰ লাষ্ট গেটত সদৌ অসম দেউৰী আৰু কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ প্ৰতিবাদ

সদৌ অসম দেউৰী ছাত্ৰ সন্থা আৰু সদৌ অসম কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাই আজি দিছপুৰ লাষ্ট গেটত তেওঁলোকৰ বিভিন্ন দাবী সমাধানৰ উদ্দেশ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

দিছপুৰ লাষ্ট গেটত প্ৰতিবাদ
দিছপুৰ লাষ্ট গেটত প্ৰতিবাদ

By

Published : Mar 5, 2020, 2:35 PM IST

গুৱাহাটী, 5 মাৰ্চঃবৃহস্পতিবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনটোত দিছপুৰ লাষ্ট গেটত দুটাকৈ ছাত্ৰ সন্থাৰ শতাধিক প্ৰতিবাদবকাৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম দেউৰী ছাত্ৰ সন্থা আৰু সদৌ অসম কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাই তেওঁলোকৰ বিভিন্ন দাবী সমাধানৰ উদ্দেশ্যে চৰকাৰক দাবী জনাই প্ৰতিবাদত বহে ৷ সদৌ অসম দেউৰী ছাত্ৰ সন্থাই ৰাজ্যৰ দেউৰী জনগোষ্ঠীৰ লোক সকলৰ ক্ষীপ্ৰ উন্নয়নৰ উদ্দেশ্যে লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক অতি শীঘ্ৰে দেউৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী জনায় ৷ লগতে অসম চৰকাৰৰ নিকায় নিগম সমূহৰ অধ্যক্ষ, উপাধ্যক্ষ পদত দেউৰী জনগোষ্ঠীৰ লোকক নিযুক্তি দিয়াৰ দাবীও উত্থাপন কৰে ৷

দিছপুৰ লাষ্ট গেটত সদৌ অসম দেউৰী আৰু কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ প্ৰতিবাদ

আনহাতে সদৌ অসম কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাই কলিতা জনগোষ্ঠীক সংবিধানৰ ৩৪২ নং অনুচ্ছেদৰ যোগেদি অনুসুচিত জনজাতি ঘোষণা কৰি ২৪৪ (২) আৰু ২৭৫ (১) অনুচ্ছেদৰ ভিত্তিত ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, কলিতা জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত প্ৰাগজ্যোতিষ নামেৰে কলিতা স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা, কলিতা জনগোষ্ঠীৰ বাবে সুকীয়া উন্নয়ন পৰিষদ গঠন কৰাৰ লগতে কেইবাটাও দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়কঃগোলাঘাট জিলাৰ বৰফলং চাহ বাগিছাত সাব্যস্ত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details