অসম

assam

ETV Bharat / state

National Youth Day: ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ দাবীৰে গুৱাহাটীত বিশাল মানৱ-শৃংখল - ধঁপাত জাতীয় সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধিৰ দাবীৰে গুৱাহাটীত শতাধিক ছাত্ৰ-ছাত্ৰীৰ মানৱ শৃংখল কাৰ্যসূচী ৷ উল্লেখ্য যে, বিশ্বৰ ভিতৰত ভাৰত ধঁপাত ব্যৱহাৰকাৰী দেশ হিচাপে দ্বিতীয় স্থানত আছে । দেশৰ ১৩ৰ পৰা ১৫ বছৰৰ ভিতৰৰ ছাত্র-ছাত্ৰীৰ এক পঞ্চমাংশই ধঁপাত সেৱন কৰে ৷

National Youth Day
ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ দাবীৰে গুৱাহাটীত বিশাল মানৱ-শৃংখল

By

Published : Jan 12, 2023, 8:49 PM IST

গুৱাহাটী,১২ জানুৱাৰী: ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত(National Youth Day) সংগতি ৰাখি বৃহস্পতিবাৰে গুৱাহাটীত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মানৱ শৃংখলৰ জৰিয়তে ধঁপাতৰ ওপৰত কৰ বৃদ্ধি(Raising taxes on tobacco) কৰি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ দাবী জনায় । গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কামৰূপ একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বৃহস্পতিবাৰে পুৱা এক মানৱ শৃংখল কাৰ্যসূচীৰ দ্বাৰা দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ ওচৰত এই দাবী উত্থাপন কৰে ।

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম অসমৰ(Consumers legal protection forum Assam) উদ্যোগত কনজিউমাৰ ভয়েচ নতুন দিল্লী(Consumer Voice New Delhi) আৰু সেউজ অসমৰ সহযোগত আয়োজন কৰা মানৱ শৃংখল কাৰ্যসূচীত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ কৰ বৃদ্ধিৰ দ্বাৰা যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনায়(Tobacco prevention program) ।

ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ দাবীৰে গুৱাহাটীত বিশাল মানৱ-শৃংখল

ধঁপাত বিৰোধী এই মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত থাকি কামৰূপ একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ(kamrup academy higher secondary school) অধ্যক্ষ কাবেৰী বৰাই প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰা সমগ্ৰ জীৱন আঁতৰি থাকিবলৈ(prevention of tobacco using) আহ্বান জনাই কয় যে, ‘‘ধঁপাত ব্যৱহাৰ বা সেৱনৰ ফলত ভয়াৱহ কৰ্কট ৰোগ হোৱাৰ আশংকা থাকে(Tobacco causes cancer) ।’’

মানৱ শৃংখলত অংশ লৈ কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয়, ‘‘শেহতীয়া সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰত ধঁপাত ব্যৱহাৰকাৰী দেশ হিচাপে দ্বিতীয় স্থানত আছে(Tobacco use among students) । দেশৰ 13ৰ পৰা 15 বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীৰ এক পঞ্চমাংশই ধঁপাত সেৱন কৰে ।’’ কৰ বৃদ্ধিৰ জৰিয়তে ধঁপাতৰ মূল্য অধিক বৃদ্ধি কৰিলেহে ধঁপাতৰ ব্যৱহাৰ বর্তমানৰ তুলনাত বহু পৰিমাণে হ্ৰাস পাব বুলি বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিছে বুলিও উল্লেখ কৰে অজয় হাজৰিকাই(Increase tobacco taxes to save life) ৷

অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক ক্ৰমে প্ৰণীতা শৰ্মা বৰদলৈ, নন্দিতা ডেকা আৰু জিতু খনিকৰেও ধঁপাত ব্যৱহাৰৰ অপকাৰীতা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক বিস্তৃতভাৱে অৱগত কৰে । লগতে বিদ্যালয়ৰ শিক্ষাৰ্থী দীপাংকৰ চৌধুৰী, বিশাল দাসে ধঁপাত সেৱনৰ পৰিমাণ যে কিমান ভয়াবহ সেই বিষয়ে উল্লেখ কৰে । এই কাৰ্যসূচীত 'সেইজ অসম'ৰ সভাপতি পিয়ালী ঘোষ দে, সদস্য অনুপমা ডেকা উপস্থিত থাকে ।

লগতে পঢ়ক:CNG Bus in Guwahati : মুখ্যমন্ত্ৰীৰ বাহন ঠিকেই চলি আছে, CNG বাছহে চলা নাই

ABOUT THE AUTHOR

...view details