অসম

assam

By

Published : Jan 28, 2022, 4:49 PM IST

ETV Bharat / state

Protest in Gauhati University: পৰীক্ষা পিছুৱাই দিয়াৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিবাদ

পৰীক্ষা পিছুৱাই দিয়াৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ (Protest in Gauhati University) ৷ স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা পিছুৱাই দিয়াৰ দাবীত বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সম্মুখত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী।

Protest in Gauhati University
পৰীক্ষা পিছুৱাৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিবাদ

গুৱাহাটী, 28 জানুৱাৰী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা পিছুৱাই দিয়াৰ দাবীত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শুক্ৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সম্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest in Gauhati University)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ পৰা অহা কেবাশতাধিক স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাৰ্থীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ মুখ্যদ্বাৰ বন্ধ কৰি প্ৰশাসনিক ভৱনৰ মুখ্যদ্বাৰৰ সন্মুখত অৱস্থান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

পৰীক্ষা পিছুৱাৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিবাদ

প্ৰতিবাদকাৰী পৰীক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ হায় হায়, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মইমতালি নচলিব, পৰীক্ষাৰ্থীৰ দাবী মানি লওক আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ।

উল্লেখ্য যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অহা শণিবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় চেমিষ্টাৰৰ পৰীক্ষাৰ সময়সূচী নিৰ্দ্ধাৰণ কৰিছে (Gauhati University semester examination)। প্ৰতিবাদত অংশগ্ৰহণ কৰা পৰীক্ষাৰ্থীসকলে কয় যে, ক’ভিড পৰিস্থিতিৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় চেমিষ্টাৰৰ পৰীক্ষা ১৫-২০ দিন পিছুৱাই দিয়াৰ বাবে বহু আবেদন নিবেদন কৰা হৈছে যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাই । যাৰবাবে পৰীক্ষাৰ্থীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে ।

উল্লেখ্য যে, প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থায়ো সমৰ্থন জনাইছে । এই পৰ্যন্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি নোপোৱাৰ বাবে পৰীক্ষাৰ্থীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত ধেমাজিত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details