গুৱাহাটী, ২৫ এপ্ৰিল :পাঠদান এৰি এইবাৰ প্ৰতিবাদত বহিল সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী ৷ মহাবিদ্যালয়খনৰ বিৰুদ্ধে ছাত্ৰীসকলৰ গুৰুতৰ অভিযোগ ৷ সেয়ে সোমবাৰৰ দিনটোত মহাবিদ্যালয়খনৰ মূল প্ৰৱেশ দ্বাৰা সন্মুখত একাংশ ছাত্ৰীয়ে হাতে হাতে প্লে’-কাৰ্ড লৈ প্ৰতিবাদত নামি পৰা পৰিলক্ষিত হয় (Students protest at Handique Girls’ College in Guwahati)৷
উল্লেখ্য যে, মহাবিদ্যালয়খনৰ বি.চি.এ বিভাগৰ সহকাৰী প্ৰৱক্তা মানস গগৈক পুনৰ চাকৰিত যোগদানৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই মাতি অনা অভিযোগত আজি শ্ৰেণী ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰীসকলে । গুৰুত্বপূৰ্ণ বিষটো হ'ল যে, প্ৰায় ডেৰ বছৰ পূৰ্বে গগৈৰ বিৰুদ্ধে দুগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা অভিযোগ উত্থাপিত হৈছিল (Handique college controversy)।