অসম

assam

ETV Bharat / state

পৰীক্ষা সন্দৰ্ভত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ - জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ

পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্তৰ বিৰুদ্ধে জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল ছাত্ৰ-ছাত্ৰী ৷ ক'ভিড-19 সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা অবিহনে শিক্ষাৰ্থীসকলক পৰৱৰ্তী ষান্মাসিকলৈ উন্নীত কৰাৰ জাননী জাৰি কৰাৰ পাছতো পুনৰ হঠাৎ অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা সিদ্ধান্তৰ প্ৰতিবাদ জনাই নিশালৈকে অব্যাহত থাকে শিক্ষাৰ্থীৰ প্ৰতিবাদ ৷

students of assam science and technology university protest
পৰীক্ষা সন্দৰ্ভত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ

By

Published : Dec 19, 2020, 9:29 AM IST

গুৱাহাটী, 19 ডিচেম্বৰ:ক'ভিড-19 সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যলয় কৰ্তৃপক্ষই পৰীক্ষা অবিহনেই শিক্ষাৰ্থীক পৰৱৰ্তী ষান্মাসিকলৈ উত্তীৰ্ণ কৰোৱা হ'ব বুলি জাননী কৰাৰ পাছতো হঠাৎ অফলাইন মাধ্যমত পৰীক্ষা অনুষ্ঠিত হ'ব এক জাননী জাৰি কৰাৰ পাছতে শুকুৰবাৰে দুপৰীয়াৰ পৰা নিশাৰ ভাগলৈকে জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশ্ববিদ্যালয়ৰ এনে সিদ্ধান্ত হঠকাৰী সিদ্ধান্ত বুলি আখ্যা দি প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

শিক্ষাৰ্থীসকলে কৰা অভিযোগ অনুসৰি, ক'ভিড-19 সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বি ফাৰ্মৰ ষান্মাসিকৰ পৰীক্ষা অবিহনেই শিক্ষাৰ্থীসকলক উৰ্ত্তীৰ্ণ কৰি পৰৱৰ্তী ষান্মাসিকলৈ উন্নীত কৰাৰ বাবে জাননী জাৰি কৰিছিল ৷ কিন্তু হঠাৎ 6 ডিচেম্বৰত এক জাননী জাৰি কৰি 21 ডিচেম্বৰৰ পৰা অফলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা জনায় ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ পাছতে ক্ষুব্ধ হৈ বিশ্ববিদ্যালয়খনৰ অধীনস্থ NIPS, PIPS, GIPS, RIPSৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদত বহে ৷

এই লৈ শিক্ষাৰ্থী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত এক আলোচনা অনুষ্ঠিত হয় যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা অবিহনে উৰ্ত্তীৰ্ণ কৰাৰ দাবী মানি নোলোৱাত অন্য কোনো সমাধান নোলায় ৷ ইয়াৰ পাছতে নিশা বহু সময়লৈ অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ চৌহদ উত্তপ্ত হৈ থাকে ৷ পাছত প্ৰতিবাদথলীত জালুকবাৰী আৰক্ষী আৰু উচ্চপদস্থ বিষয়া উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আলোচনা কৰি বুজনি দিয়াত নিশালৈ শিক্ষাৰ্থীসকল ঘৰমুৱা হয় ৷ অৱশ্যে তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি শিক্ষাৰ্থীসকলে হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:SI কেলেংকাৰীৰ ২৬২১ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল চিআইডিৰ

ABOUT THE AUTHOR

...view details