ৰঙিয়া,13 ফেব্ৰুৱাৰী: ৰঙিয়াৰ বিহাপাৰাত শুকুৰবাৰে বিটিচিৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠদান বৰ্জন কৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে এই প্ৰতিবাদী কাৰ্যসূচীত অভিভাৱক, ৰাইজৰ দল আৰু এবিএমছুৰ সদস্যই অংশগ্ৰহণ কৰে । উল্লেখ্য যে, বিহাপাৰাৰ স্থানীয় লোকসকলে গাঁঠিৰ ধন খৰচ কৰি ১৯৯২ চনত বিটিচি মাধ্যমিক বিদ্যালয়খন স্থাপন কৰিছিল । বিদ্যালয়খনত ১১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে ৬ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সুদীৰ্ঘ ২৮ বছৰে বিনা বেতনে মানৱ সম্পদ গঢ়াৰ কামত নিয়োজিত হৈ আছিল । অৱশেষত চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিদ্যালয়খন প্ৰাদেশীকৰণ কৰিলে ঠিকেই, কিন্তু বিদ্যালয়খন বন্ধ কৰি নাতিদূৰৰ এখন বিদ্যালয়ৰ লগত একত্ৰীকৰণ হ’বলৈ নিৰ্দেশনা দিয়ে ।
চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই সৰৱ হৈ পৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । স্থানীয় ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে কোনো কাৰণতে বিদ্যালয়খন বন্ধ কৰাৰ সিদ্ধান্ত মানি লোৱা নাই ৷ কিয়নো অতিকৈ পিছপৰা অঞ্চলটোৰ দৰিদ্ৰ শিক্ষাৰ্থীয়ে এই বিদ্যালয়খনত শিক্ষাগ্ৰহণ কৰে । বিদ্যালয়খন অন্য ঠাইলৈ স্থানান্তৰিত কৰিলে ছাত্ৰ-ছাত্ৰীসকলে নদী পাৰ হৈ যাব লাগিব শিক্ষাগ্ৰহণৰ বাবে । কিন্তু নৈ পাৰ হৈ যাতায়াত কৰিবলৈ সেই ঠাইত নাই এখনো দলং । যাৰ বাবে কেইবা কিল’মিটাৰ অতিক্ৰম কৰি শিক্ষাগ্ৰহণ কৰিবলৈ যাব লাগিব ছাত্ৰ-ছাত্ৰীসকল । ফলত চৰকাৰৰ এনে নিৰ্দেশনাৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে অঞ্চলটো ।