গুৱাহাটী,17 এপ্ৰিল:সমগ্ৰ বিশ্বতে অব্যাহত আছে কৰ'ণা ভাইৰাছৰ আতংক ৷ এই ভাইৰাছৰ সংক্ৰমণৰ পৰা বিশ্বক মুক্ত কৰিবলৈ চেষ্টা চলাই আছে প্ৰতিখন দেশে ৷ সমগ্ৰ দেশত 24 মাৰ্চত লক ডাউনৰ ঘোষণা হোৱাৰ পিছতে স্থবিৰ হৈ পৰিছে মানৱ জাতিৰ গতানুগতিক জীৱনৰ কাৰ্যক্ৰমণিকা ৷ উদ্যোগ প্ৰতিষ্ঠান,বজাৰ,অফিচ কাচাৰীৰ লগতে সকলো প্ৰতিষ্ঠান এতিয়া স্থবিৰ ৷ মানুহৰ জীৱনতকৈ কোনো ব্যৱস্থাক অগ্ৰাধিকাৰ প্ৰদান কৰা নাই চৰকাৰে আৰু এয়াই এই সময়ত মানৱ জীৱনৰ বাবে শ্ৰেষ্ঠ সিদ্ধান্ত ৷ কিন্তু ইয়াৰ মাজতে লক ডাউন খোলাৰ পিছত সুস্থিৰ পৰ্যায়ৰ পিছৰ সময়ছোৱাক লৈ বিভ্ৰান্তিকৰ পৰিস্থিতি সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল ৷ কেনেকৈ,কি পৰ্যায়ত নিজৰ সন্তানৰ বাবে ভৱিষ্যত নিৰ্ধাৰণ কৰিব তাকে লৈ বিমোৰত পৰিছে একাংশ অভিভাৱক ৷ যাৰ বাবে ঘৰতে পাঠদানৰ ব্যৱস্থা কৰিছে একাংশ অভিভাৱকে ৷ কিন্তু তাৰ মাজতে লক ডাউনৰ ম্যাদ বৃদ্ধিৰ লগে লগে হীনমন্যতাত ভুগিছে অভিভাৱকসকল ৷
লক ডাউনৰ বাবে শংকাত ভুগিছে ৰাজ্যৰ বহু শিক্ষাৰ্থী-অভিভাৱক - fear due to lockdown
লক ডাউন খোলাৰ পিছত সুস্থিৰ পৰ্যায়ৰ পিছৰ সময়ছোৱাক লৈ বিভ্ৰান্তিকৰ পৰিস্থিতি সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰী লগতে অভিভাৱক সকল ৷
কেৱল অভিভাৱক সকলেই নহয় বৰ্তমান অনিশ্চয়তাত ভুগি আছে দেশৰ ছাত্ৰ-ছাত্ৰী সকল ৷ সপোন আধৰুৱা হেৰুৱাৰ আশংকাত ভুগিছে মেট্ৰিক পৰীক্ষাৰ পিছত মনে বিচৰা এখন শিক্ষানুষ্ঠানত পঢ়াৰ এটা সপোন পুহি ৰখা ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে ৷ উল্লেখ্য যে অসমৰ প্ৰেক্ষাপটত 1983 চনৰ পিছত বহু বছৰৰ অন্তত এনেদৰে শিক্ষাবৰ্ষৰ পৰীক্ষাৰ ক্ষেত্ৰত এনে বিলম্ব পৰিস্থিতি সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷ চৰকাৰে বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ নিশ্চিত সিদ্ধান্ত ঘোষণা নকৰাৰ ফলত অনিশ্চয়তাত ভুগিছে অভিভাৱকৰ লগতে ছাত্ৰ-ছাত্ৰীসকল ৷ দেখিবলৈ পোৱা গৈছে যে চেবাৰ অন্তৰ্গত পৰীক্ষা সমূহ অনুষ্ঠিত হল যদিও CBSCৰ অন্তৰ্গত হায়াৰ চেকণ্ডাৰীৰ দুটাকৈ পৰীক্ষা অনুষ্ঠিত নহল ৷ আনহাতে পৰীক্ষা সমূহ অনুষ্ঠিত হ'লেও ফলাফল তথা শিক্ষাব্যৱস্থাৰ প্ৰক্ৰিয়াৰ এক খতিয়ান দাঙি ধৰিব পৰা নাই চৰকাৰ তথা শিক্ষা বিভাগে ৷ কেৱল স্কুল কলেজতে নহয় বহু চাকৰিৰ লিখিত লগতে মৌখিক পৰীক্ষা সমূহো লকডাউনৰ ফলত স্থগিত ৰখা হ'ল ৷ যাৰ ফলত যথেষ্ট বেমেজালিৰ সৃষ্টি হোৱাৰ এক আভাষ প্ৰদান কৰিলে কেৰিয়াৰ পৰামৰ্শদাতা অক্ৰাম প্ৰশান্ত সিঙে ৷
লগতে পঢ়কঃ লক ডাউনৰ প্ৰভাৱ আৰকাটিপুৰ উত্তৰ চাহ বাগিচাত