অসম

assam

ETV Bharat / state

হাত কাটি বিপদত পৰিল ৰূপজ্যোতি কুৰ্মী! আৰক্ষীয়ে ল'ব ব্যৱস্থা ! - বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব বিশেষ ব্যৱস্থা

বিধানসভা চৌহদত ব্লেডেৰে হাত কাটি তেজেৰে প্ৰতিবাদী শ্ল'গান লিখা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে ৷

Strict action against MLA Rupjyoti Kurmi: Commissioner of Police Dipak Kumar
ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ‘বঃ মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ

By

Published : Dec 3, 2019, 7:03 PM IST

গুৱাহাটী, ডিচেম্বৰ 03ঃ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব বিশেষ ব্যৱস্থা ৷ সংবাদমেলত এই ঘোষণা মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰৰ ৷ মঙলবাৰে বিধানসভাৰ চৌহদত ব্লেডেৰে হাত কাটি তেজেৰে প্ৰতিবাদী শ্ল'গান লিখিছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ ইয়াৰ পাচতেই পদ্ম হাজৰিকাকে ধৰি একাংশ বিধায়কে নিৰাপত্তাৰ প্ৰশ্ন উত্থাপন কৰে বিধানসভাত ৷ এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷

ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ‘বঃ মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ

সংবাদমেলখনত আৰক্ষী আয়ুক্তগৰাকীয়ে অপৰাধৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰা তিনিটা বিশেষ সফলতাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে৷ একেদিনাই তিনিওটা অভিযানত সফল হৈছে আৰক্ষী ৷ আৰক্ষীয়ে প্ৰথম সফলতা লাভ কৰে দিছপুৰত ৷ দিছপুৰ লাষ্টগেটৰ সমীপত থকা এটা ল'ডজৰ পৰা আৰক্ষীয়ে আটক কৰে হাৰিয়ানাৰ মহম্মদ ছামিম আৰু মহম্মদ ফক্কৰুদ্দিন নামৰ দুজন লোকক ৷ দুয়োজন জড়িত আছিল এ টি এম চুৰিৰ ঘটনাত ৷ আনহাতে, ছয়মাইলৰ পৰা এখন বাইক চুৰি কৰি নি থাকোতেই জালুকবাৰী আৰক্ষীয়ে আটক কৰে দুটা বাইক চোৰক ৷ ধৃত চোৰ দুটা মুকালমুৱাৰ চাহজাহান আলী আৰু কলগাছিয়াৰ মহৰুদ্দিন আলী ৷ জব্দকৃত বাইকখনৰ নম্বৰ AS-01-DU-6332 ৷ আৰক্ষী আযুক্তগৰাকীয়ে জনোৱা মতে, আৰক্ষীয়ে চুৰিৰ ক্ষেত্ৰত লাভ কৰিছে আন এক সফলতা ৷ এখন পাণ দোকানত চুৰি কৰি থকা অৱস্থাতে আৰক্ষীয়ে তৎপৰতাৰে আটক কৰে আন দুটা চোৰক ৷

উজান বজাৰত উদ্ধাৰ হোৱা মূৰ্তিসমূহৰ ক্ষেত্ৰত লোৱা হ’ব বিশেষ ব্যৱস্থাঃ মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ

তাৰোপৰি, উজান বজাৰত উদ্ধাৰ হোৱা মূৰ্তিসমূহৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷ উপযুক্ত প্ৰমাণ দি লৈ যাব পাৰিব মূৰ্তি সমূহ ৷ অৱশ্যে এই মূৰ্তি সমূহ ক'ৰ পৰা কেনেকৈ আহিল সেই সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ অপৰাধ ৰোধৰ ক্ষেত্ৰত আৰক্ষী বাহিনীয়ে দেখুওৱা তৎপৰতাক শলাগ লয় আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷ ইয়াৰ বাবে বিশেষ পুৰষ্কাৰ ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷

আৰু পঢ়কঃধৰ্ষণকাৰীক ৰাজহুৱাভাৱে হত্যা কৰকঃ সাংসদ জয়া বচ্চন

ABOUT THE AUTHOR

...view details