গুৱাহাটী, 24 জুনঃ প্ৰশাসনৰ নিষেধাজ্ঞাক অৱমাননা কৰি কামাখ্যালৈ যোৱা মূল পথত এতিয়াও আছে বহুতো দোকান-পোহাৰ ৷ এই দোকান পোহাৰৰ বাবে বিভিন্ন অসুবিধাত ভুগিব লগা হৈছে ভক্তসকলে ৷ পদপথ তথা পথটোৰ আধা অংশত দোকান পোহাৰ দিয়াৰ বাবে কোনো বাহন প্ৰৱেশ কৰিব নোৱাৰাৰ এক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷
কামাখ্যাৰ পথত ভৰি পৰিছে দোকানঃ নিৰ্বিকাৰ প্ৰশাসন - etv bharat
প্ৰশাসনৰ নিষেধাজ্ঞাক অৱমাননা কৰি কামাখ্যালৈ যোৱা মূল পথত এতিয়াও আছে বহুতো দোকান-পোহাৰ
![কামাখ্যাৰ পথত ভৰি পৰিছে দোকানঃ নিৰ্বিকাৰ প্ৰশাসন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3653031-thumbnail-3x2-aa.jpg)
কামাখ্যালৈ যোৱা পথত দোকান, অসাৰ প্ৰশাসনৰ ঘোষণা
কামাখ্যালৈ যোৱা পথত দোকান, অসাৰ প্ৰশাসনৰ ঘোষণা
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মহা অম্বুবাচীৰ সময়চোৱাত কামাখ্যালৈ যোৱা মূল পথত কোনো দোকান পোহাৰ দিয়াৰ ক্ষেত্ৰত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছিল যদিও ফলপ্ৰসূ নহ'ল সেই নিৰ্দেশনা ৷ কিন্তু এই নিৰ্দেশনাৰ পিচতো কিছু এৰাধৰাৰ মাজেৰে এই সময়ছোৱাৰ কাম-কাজ চলাই যাব লাগিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে ৷