অসম

assam

ETV Bharat / state

মহানগৰীত উৎসৱৰ সময়ত বাটৰ নাট প্ৰদৰ্শন - Durga Puja at Guwahati

ৰাজপথত হঠাৎ দুৰ্গাদেৱী । পূজাৰ সময়ত গাড়ী চলাওতে পৰিবহণ বিভাগৰ পঞ্চসূত্ৰ মানি চলিবলৈ সকলোকে আহ্বান জনালে দুৰ্গা দেৱীয়ে । উৎসৱৰ বতৰত পৰিবহণ বিভাগৰ (Awareness programme of Transport Department) পঞ্চ সূত্ৰ মানি গাড়ী চলাবলৈ আহ্বান জিলা পৰিবহণ বিষয়াৰ ।

Awareness programme of Transport Department
মহানগৰীৰত উৎসৱৰ সময়ত বাটৰ নাট প্ৰদৰ্শন

By

Published : Oct 1, 2022, 9:38 PM IST

Updated : Oct 1, 2022, 10:59 PM IST

গুৱাহাটী, ১অক্টোবৰ: মহানগৰীৰ ৰাজপথত হঠাৎ দুৰ্গাদেৱী (Durga Puja at Guwahati)। দুৰ্গা দেৱীয়ে পূজাৰ সময়ত গাড়ী চলাওতে পৰিবহণ বিভাগৰ পঞ্চসূত্ৰ মানি চলিবলৈ সকলোকে আহ্বান জনায় । শণিবাৰে মহানগৰীৰত উৎসৱৰ সময়ত ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত বাটৰ নাট প্ৰদৰ্শন কৰে এটা চাৰিজনীয়া দলে ।

জিলা পৰিবহণ বিষয়া দাসে (Awareness programme of DTO in Guwahati)মহানগৰীৰ জালুকবাৰীত পোদ্দাৰ চুজুকি মটৰ চাইকলে শ্ব’ৰূম মুকলি কৰাৰ পিছতে ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন কৰা হয় । উৎসৱৰ সময়ত গাড়ী চলাওতে সকলোকে নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাই তেওঁ কয় যে দুচকীয়া বাহন চলাওতে দুই আৰোহীয়ে হেলমেটৰ লগতে চিটবেল্ট পৰিধান কৰিব লাগে । সুৰাপান কৰি গাড়ী নচলাব নালাগে বুলিও তেওঁ কয় । তীব্ৰগতি পৰিহাৰ কৰি গাড়ী চলোৱাৰ সময়ত ম'বাইলত কথা নাপাতিবলৈও সকলোকে আহ্বান জনায় ।

তেওঁ উৎসৱৰ বতৰত পৰিবহণ বিভাগৰ এইকেইটা পঞ্চ সূত্ৰ মানি গাড়ী চলাবলৈ সকলোকে আহ্বান জনায় । দুৰ্গাপূজাৰ সময়ত মহানগৰীৰ যিকোনো স্থানত বিশেষকৈ পথ দুৰ্ঘটনা প্ৰৱণ অঞ্চলত তালাচী চলোৱা হ'ব বুলি তেওঁ কয় । সুৰাপান কৰি গাড়ী চলোৱা সকলৰ বিৰুদ্ধে ১০হাজাৰ টকা জৰিমনা ,অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে নিশাটো থানাৰ লকাপত কটাব লাগিব বুলি তেওঁ সকীয়াই দিয়ে ।

মহানগৰীৰত উৎসৱৰ সময়ত বাটৰ নাট প্ৰদৰ্শন

দুচকীয়া বাহন চলাওতে দুই আৰোহীয়ে হেলমেট পৰিধান নকৰিলে এহেজাৰ টকা জৰিমনা ভৰাৰ লগতে নিশাটো থানাত কটাব লাগিব। ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে দুবছৰ পিছত এইবাৰ উলহ মালহেৰে সকলোৱে দুৰ্গা পূজা উদযাপন কৰিব । পথ দুৰ্ঘটনাই যাতে উৎসৱমুখৰ পৰিৱেশ ম্লান নকৰে তাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে বুলি মন্তব্য কৰে । সেয়েহে দুৰ্গাপূজাৰ সময়ত সকলো নীতি নিয়ম মানি গাড়ী চলায় সুৰক্ষিতভাৱে পূজা উপভোগ কৰিবলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক:সামৰণি পৰিল দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ

Last Updated : Oct 1, 2022, 10:59 PM IST

ABOUT THE AUTHOR

...view details