অসম

assam

By

Published : Mar 24, 2020, 8:25 PM IST

ETV Bharat / state

লক ডাউনৰ সময়ত কি হ'ব পদ পথৰ জীৱ-জন্তুৰ ?

পদ পথৰ জীৱ-জন্তুৰ বাবে লক ডাউনৰ সময়ছোৱাত বিশেষ চিন্তা কৰিছে ধীৰেনপাৰাৰ চাহিদ আহমেদে ৷ এই সময়ছোৱাত তেওঁ প্ৰতিদিনে পুৱা আৰু আবেলি খাদ্য যোগান ধৰিব পথৰ জীৱ-জন্তু সমূহক ।

street-dog-during-lock-down
লক ডাউনৰ সময়ত কি হ'ব পদ পথৰ জীৱ-জন্তুৰ ?

গুৱাহাটী,24 মাৰ্চঃৰাজ্যজুৰি লক ডাউন আৰম্ভ । লক ডাউন আৰম্ভ হোৱাৰ লগে লগে পথৰ জীৱ-জন্তু সমূহ খাদ্য সংকটত পৰাটো নিশ্চিত ৷ এনে সময়তে ধীৰেনপাৰাৰ চাহিদ আহমেদে পথৰ জীৱ-জন্তু সমূহৰ বাবে লৈছে এক বিশেষ পদক্ষেপ ।লক ডাউনৰ সময়চোৱাত পথৰ জীৱ-জন্তু সমূহক খাদ্য যোগান ধৰি যাব চাহিদ আহমেদে । প্ৰতিদিনে পুৱা আৰু আবেলি চাহিদে খাদ্য যোগান ধৰিব পথৰ জীৱ-জন্তু সমূহক। চাহিদে সকলোকে আহ্বান জনাইছে সকলোৰে নিজৰ অঞ্চলত থকা পথৰ জীৱ-জন্তু সকলক কিছু পৰিমানে খাদ্য যোগান ধৰিবৰ বাবে ৷কেৱল খোৱা-বোৱাই নহয় নিশাৰ ভাগত তেওঁ কুকুৰকেইটাই আশ্ৰয় ল'ব পৰাকৈ পথৰ ওপৰতে বিশেষ ব্যৱস্থা কৰিছে ৷এইখিনিতে মনকৰিবলগীয়া কথা যে, চাহিদে কেইবাবছৰ ধৰি ধীৰেনপাৰা অঞ্চলৰ পথত থকা জীৱ-জন্তু সকলক খাদ্য আৰু খোৱাপানী যোগান ধৰি আহিছে ।

লক ডাউনৰ সময়ত কি হ'ব পদ পথৰ জীৱ-জন্তুৰ ?

ABOUT THE AUTHOR

...view details