গুৱাহাটী,২৮ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ উদ্য়োগত অসমৰ গাঁৱে গাঁৱে স্থাপন কৰা হৈছে অঙ্গনবাড়ী কেন্দ্ৰ । কিন্তু তেনে এক অংগনবাড়ী কেন্দ্ৰৰে বৰ্তমান সময়ত তথৈবচ অৱস্থা। অঙ্গনবাড়ী কেন্দ্ৰ নহয় যেন মৰণফান্দহে । দিছপুৰৰ পৰা মাথো ১৯ কিল'মিটাৰ আঁতৰত বৰ্ণিহাট প্ৰাথমিক বিদ্য়ালয়ৰ প্ৰাংগনত অৱস্থিত অঙ্গনবাড়ী কেন্দ্ৰৰ অৱস্থা যথেষ্ট শোচনীয়।যি কোনো মুহূৰ্তত অঙ্গনবাড়ী কেন্দ্ৰত শিক্ষা গ্ৰহণ কৰা কণ কণ ল'ৰা ছোৱালীৰ ওপৰত পৰিব পাৰে চাদৰ ওপৰত থকা টিনপাত আৰু লোহাৰ পাইপ।
অংগনবাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা - অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ
কণ কণ শিক্ষাৰ্থীৰ সুৰক্ষাৰ কথা ভাবিবলৈ আহৰি নাই কৰ্তৃপক্ষৰ
![অংগনবাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2572889-741-e69e0bf2-4dfe-4c2a-b7f7-1f9e02e5f976.jpg)
অঙ্গনবাড়ী কেন্দ্ৰ নহয় যেন মৰণফান্দহে
গুৱাহাটীৰ শিক্ষাৰ্থী মূৰৰ ওপৰত পৰিব টিনপাত! কিন্তু কিয়?
গুৱাহাটীৰ শিক্ষাৰ্থী মূৰৰ ওপৰত পৰিব টিনপাত! কিন্তু কিয়?
লক্ষণীয়ভাৱে অঙ্গনবাড়ীখনৰ জৰাজীৰ্ণ অৱস্থা দেখাৰ পাছত বাবে বহু অভিভাৱকে কেন্দ্ৰটোলৈ নিজৰ সন্তান পঠোৱা বন্ধ কৰিছে।আনফালে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগক এই কেন্দ্ৰৰ সম্পৰ্কে বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা লোৱা নাই সংশ্লিষ্ট বিভাগে ।