গুৱাহাটী, 14 মে':ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে মহানগৰীতো ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে ৷ প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত মহানগৰীত বহু গছ-গছনি উভালি পৰাৰ লগতে বহু সা-সম্পতিৰ ক্ষতি সাধন হয় ৷ ইপিনে মহানগৰীৰ আদাবাৰী সেনাৰ শিবিৰৰ সমীপত, ধুমুহাৰ প্ৰকোপত বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত গছ বাগৰি পৰাৰ ফলত 8 ঘন্টা ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ পৰে ৷
ধুমুহাৰ ফলত মহানগৰীত ব্যাহত বিদ্যুৎ যোগান - বিদ্যুৎ পৰিবাহী তাঁৰ
মহানগৰীৰ আদাবাৰী সেনাৰ শিবিৰৰ সমীপত, ধুমুহাৰ প্ৰকোপত বিদ্যুৎ পৰিবাহী তাৰঁৰ ওপৰত গছ বাগৰি পৰাৰ ফলত 8 ঘন্টা ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ পৰে ৷

ধুমুহাৰ ফলত মহানগৰীত ব্যাহত বিদ্যুৎ যোগান
আনহতে মঙলবাৰে পুৱা অগ্নিনিৰ্বাপন আৰু জৰুৰীকালীন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাগৰি পৰা গছ-গছনি সমূহ চাফা কৰাৰ লগতে বিদ্যুৎ যোগান পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা অব্যাহত ৰাখে ৷