অসম

assam

By

Published : May 23, 2021, 2:26 PM IST

ETV Bharat / state

ক'ভিডক ভেটা দিবলৈ ভেকচিনৰ নাটনি

অসমত 16 জানুৱাৰীৰ পৰা এতিয়ালৈকে বিগত 126 দিনত মুঠ 37,13,743 গৰাকী লোকক ক'ভিড প্ৰতিষেধক দিয়া হৈছে । অসমক অধিক গুৰুত্ব দিয়াৰ কথা কোৱা কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমলৈ এতিয়ালৈকে মাত্ৰ 21,56,176 পালি প্ৰতিষেধক প্ৰেৰণ কৰিছে আৰু অসম চৰকাৰে ক্ৰয় কৰিছে 7,69,027 পালি । এনেদৰে লেহেম গতিত চলিলে বহু বছৰ লাগিব ৰাজ্যবাসীক প্ৰতিষেধক দিবলৈ ।

ক'ভিডক ভেটা দিবলৈ ভেকচিনৰ নাটনি
ক'ভিডক ভেটা দিবলৈ ভেকচিনৰ নাটনি

গুৱাহাটী,23 মে’:ৰাজ্যত ক’ভিডৰ ভয়াৱহ সংক্ৰমণে ৰাইজক আতংকিত কৰি তোলাৰ সময়তে প্ৰতিষেধকৰ নাটনিয়ে আন এক শংকাৰ সৃষ্টি কৰিছে । উল্লেখ্য যে, ক’ভিড অতিমাৰীৰ পৰা প্ৰাণ ৰক্ষা পোৱাৰ ক্ষেত্ৰত প্ৰতিষেধক একমাত্ৰ ৰক্ষাকৱচ হিচাপে চিহ্নিত হৈছে । কিন্তু এই ৰক্ষাকৱচৰ নাটনি হোৱাত সৰ্বসাধাৰণ ৰাইজৰ মাজত শংকাই দেখা দিছে । কিয়নো ৰাজ্যত শেহতীয়াকৈ ক’ভিডত মৃত্যু হোৱা লোকৰ হাৰ অ-স্বাভাৱিকভাৱে বৃদ্ধি পোৱাত নাগৰিকসকল শংকিত হৈ পৰিছে । সকলোৱে বিচাৰিছে প্ৰতিষেধকৰ ৰক্ষাকৱচ ।

ক'ভিডক ভেটা দিবলৈ ভেকচিনৰ নাটনি

কিন্তু স্বাস্থ্য বিভাগে পৰ্যাপ্ত প্ৰতিষেধক যোগান ধৰিব নোৱৰাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে নাগৰিকসকলে । প্ৰতিষেধকৰ নাটনিৰ বাবেই স্বাস্থ্য বিভাগে দৈনিক টীকাকৰণৰ হাৰ কমাই দিছে । স্বাস্থ্য মন্ত্ৰণালয়ৰ COWIN প’ৰ্টেলত প্ৰতিষেধক লোৱাৰ বাবে শ্লট বুকিং কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ লোকে । দিনৰ পাছত দিন শ্লট বুকিং কৰাৰ বাবে চেষ্টা কৰিও সফল হ’ব পৰা নাই বহু লোক । ইপিনে স্বাস্থ্য বিভাগৰ তথ্যত স্পষ্ট হৈ পৰিছে যে, অসমত আৰু দুদিনৰ বাবেহে মজুত আছে প্ৰতিষেধক ।

উল্লেখ্য যে, পূৰ্বৰ দৰে দৈনিক এক লাখকৈ লোকক প্ৰতিষেধক দিবলৈ হ’লে 45 বছৰ ঊৰ্ধৰ লোকক সৰ্বাধিক দুদিন আৰু 18 বছৰ ঊৰ্ধৰ লোকক মাত্ৰ এদিনৰ বাবেহে দিব পৰাকৈ প্ৰতিষেধক মজুত আছে । বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য মতে, হাস্পতালৰ হিমগৃহত 45 বছৰ ঊৰ্ধৰ ব্যক্তিৰ বাবে বৰ্তমান মজুত আছে প্ৰায় 2.5 লাখ ড’জ প্ৰতিষেধক । আনহাতে 18 বছৰ ঊৰ্ধৰ লোকৰ বাবে মজুত আছে প্ৰায় 1 লাখ ড’জ প্ৰতিষেধক ।

ক'ভিডক ভেটা দিবলৈ ভেকচিনৰ নাটনি

স্বাভাৱিকতেই কেন্দ্ৰীয় চৰকাৰে কম কমকৈ প্ৰতিষেধক অসমলৈ প্ৰেৰণ কৰাত যিকোনো মুহুৰ্ততে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াটো বন্ধ হৈ পৰাৰ আশংকা কৰা হৈছে । উল্লেখ্য যে, বহুকেন্দ্ৰত বিগত 6-7 দিন ধৰি বন্ধ হৈ আছিল প্ৰতিষেধকৰ যোগান । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে দৈনিক কম কমকৈ হ’লেও প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া অব্যাহত ৰাখি ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা চলাইছে । যাতে প্ৰতিষেধক নাই বুলি কোনো লোক শংকিত নহয় । যাৰ বাবে এটা সময়ত দৈনিক লাখতকৈ অধিক লোকক প্ৰতিষেধক দিয়া অসমত এতিয়া দৈনিক 35-50 হাজাৰলৈ টীকাকৰণ নামি আহিছে ৷

অসমত 16 জানুৱাৰীৰ পৰা এতিয়ালৈকে বিগত 126 দিনত মুঠ 37,13,743 গৰাকী লোকক ক'ভিড প্ৰতিষেধক দিয়া হৈছে। ইয়াৰে 29 লাখ 25 হাজাৰ 461 গৰাকীয়ে প্ৰথম পালি আৰু 7 লাখ 74 হাজাৰ 674 গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিছে । বিগত 24 ঘণ্টাত 49 হাজাৰ গৰাকী লোকে প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে । এইদৰে যদি প্ৰতিষেধক প্ৰদানৰ কাম চলি থাকে তেনেহ’লে ৰাজ্যৰ 3 কোটি 12 লাখ 5 হাজাৰ 576 গৰাকী ব্যক্তিক প্ৰথম পালি প্ৰতিষেধক দিবলৈ সময় লাগিব প্ৰায় 4 বছৰ আৰু দ্বিতীয় পালি প্ৰতিষেধক দিবলৈ সময় লাগিব প্ৰায় 10-12 বছৰ ।

ক'ভিডক ভেটা দিবলৈ ভেকচিনৰ নাটনি

উল্লেখ যে, অসমক অধিক গুৰুত্ব দিয়াৰ কথা কোৱা কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমলৈ এতিয়ালৈকে মাত্ৰ 21 লাখ 56 হাজাৰ 178 পালি প্ৰতিষেধক প্ৰেৰণ কৰিছে আৰু অসম চৰকাৰে ক্ৰয় কৰিছে 7 লাখ 69 হাজাৰ 027 পালি । অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে 32 কোটি 34 লাখ 26 হাজাৰ 700 টকাৰ ভেকচিন প্ৰদান কৰাৰ বিপৰীতে অসম চৰকাৰে 30 কোটি 76 লাখ 10 হাজাৰ 800 টকাৰ প্ৰতিষেধক ক্ৰয় কৰিছে ।

উল্লেখ যে, ভাৰত চৰকাৰে এটা প্ৰতিষেধক ক্ৰয় কৰে 150 টকা দামত আৰু ৰাজ্য চৰকাৰে ক্ৰয় কৰিব লাগে 400 টকা দামত । মাথো ঘোষণাতে সীমিত থকা কেন্দ্ৰীয় চৰকাৰে ভেকচিনৰ বাবে ধার্য কৰা 35 হাজাৰ কোটি টকাৰে প্ৰতিজন মানুহক দুপালিকৈ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই । ইফালে অসম চৰকাৰেও প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়াটোক দ্ৰুত গতিত আগুৱাই নিবলৈ সক্ষম হোৱা নাই ।

ক'ভিডক ভেটা দিবলৈ ভেকচিনৰ নাটনি

এতিয়ালৈকে মুঠ জনসংখ্যাৰ মাত্ৰ 8.13 শতাংশই প্ৰথম পালি আৰু 2.15 শতাংশই দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে । চলিত গতিত প্ৰতিষেধক দিলে অসমৰ তিনি কোটি মানুহে প্ৰতিষেধক পাবলৈ কিমান বছৰ লাগিব সেয়া সকলোৰে অনুমেয় ।

উল্লেখ যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিজেই স্বীকাৰ কৰিছে যে ৰাজ্যত প্ৰতিষেধকৰ নাটনি আছে । তেনেস্থলত সাধাৰণ ৰাইজ শংকিত হোৱাটো স্বাভাৱিক কথা ।

লগতে পঢ়ক:দেশত পূৰ্বতকৈ হ্ৰাস পাইছে কৰ'ণাত মৃ্ত্যু হোৱা লোকৰ সংখ্যা

ABOUT THE AUTHOR

...view details