অসম

assam

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 8:08 PM IST

ETV Bharat / state

Pariwartan Yatra: কৃষিখণ্ডত আধুনিক যন্ত্ৰ-পাতিৰ ব্যৱহাৰৰ আহ্বানেৰে পৰিৱৰ্তন যাত্ৰা

কৃষিখণ্ডত আধুনিক যন্ত্ৰ-পাতিৰ ব্যৱহাৰৰ বাবে সজাগ কৰিবলৈ ষ্টিল ইণ্ডিয়াৰ পৰিৱৰ্তন যাত্ৰা । শুকুৰবাৰে মহানগৰীৰ ছয়মাইলস্থিত ষ্টিল ইণ্ডিয়াৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হয় এই যাত্ৰাৰ । ষ্টিল ইণ্ডিয়াাৰ পৰিৱৰ্তন যাত্ৰাৰ ফ্লেগ অফ কৰে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই ।

Launch of Still India Pariwartan Yatra
ষ্টিল ইণ্ডিয়াৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ

ষ্টিল ইণ্ডিয়াৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ

গুৱাহাটী,৩ নৱেম্বৰ:সময়ৰ লগে লগে আৰু প্ৰযুক্তিৰ বিকাশে সহজ কৰি তুলিছে কৃষি-কৰ্ম । হালবোৱাৰে পৰা ৰোৱা-কটালৈ, পানী যোগানৰ পৰা সাৰ চটিওৱালৈ, সকলো কামেই কম মানুহৰে যন্ত্ৰ-পাতিৰ সহায়েৰে কৰিবলৈ বৰ্তমান এক সুবিধাজনক সময় আহি পৰিছে । এই ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে ষ্টিল ইণ্ডিয়া । এইবাৰ কৃষকক সজাগ কৰিবলৈ ষ্টিল ইণ্ডিয়াৰ বিশেষ পদক্ষেপ ।

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ষ্টিল ইণ্ডিয়াৰ পৰিৱৰ্তন যাত্ৰা । কৃষিখণ্ডত আধুনিক যন্ত্ৰ-পাতিৰ ব্যৱহাৰৰ সন্দৰ্ভত কৃষকসকলক সজাগ কৰিবলৈ সজাগ কৰিবলৈ অনুষ্ঠিত কৰা হৈছে এই যাত্ৰাৰ । শুকুৰবাৰে মহানগৰীৰ ছয়মাইলস্থিত ষ্টিল ইণ্ডিয়াৰ কাৰ্যালয় তথা শ্ব' ৰুমৰ পৰা আৰম্ভ কৰা হয় এই যাত্ৰাৰ । প্ৰায় এমাহ জুৰি সমগ্র অসমৰ বিশেষকৈ যিসমূহ অঞ্চলৰ ৰাইজ কৃষিখণ্ডৰ লগতে জড়িত তেনে ঠাই সমূহলৈ গৈ কৃষকক কৃষিখণ্ডত উন্নত আৰু অত্যাধুনিক প্ৰযুক্তিসম্পন্ন আহিলা ব্যবহাৰৰ বিষয়ে অৱগত কৰিব ষ্টিলইণ্ডিয়াৰ এই বিশেষ দলটোৱে ।

শুকুৰবাৰৰে পৰা সমগ্ৰ অসমজুৰি আৰম্ভ হোৱা এই যাত্ৰাৰ শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকে অসমীয়া চলচিত্ৰ জগতৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াকে প্ৰমুখ্যে কেইবাগৰাকীও কৃষি বিষয়া । ষ্টিল ইণ্ডিয়াৰ এই পদক্ষেপে ৰাজ্যৰ কৃষকসকলক উপকৃত কৰাৰ উপৰিও মানৱ শ্ৰম হ্ৰাস কৰাত সহায় কৰিব বুলি উল্লেখ কৰে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই ।

এই পৰিবৰ্তন যাত্ৰাৰ সময়ত ষ্টিলইণ্ডিয়াই তেওঁলোকৰ সমগ্ৰ প্ৰযুক্তি ভিত্তিক অত্যাধুনিক কৃষি সঁজুলিৰ স্থানীয় প্ৰদৰ্শন আগবঢ়াব । উল্লেখ্য যে, ষ্টিল হৈছে জাৰ্মান প্ৰযুক্তিসম্পন্ন জাৰ্মানৰ ৯৬ বছৰীয়া এক বিশ্বব্যাপী প্ৰতিষ্ঠান । এই প্ৰতিষ্ঠানটোৱে বিগত সময়চোৱাত পেছাদাৰী লগিং, উদ্যান শস্য, কৃষি, ৰে'লৱে, দুৰ্যোগ ব্যৱস্থাপনা, স্বাস্থ্য সেৱা, সেনাবাহিনী, আৰক্ষী আৰু বন সেৱাকে ধৰি বিভিন্ন প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ আহিলা-পাতি প্ৰস্তুত কৰি আহিছে ।

লগতে পঢ়ক:Assam man death: সহকৰ্মীৰ হাতত প্ৰাণ হেৰুৱালে আজিজুৰে

ABOUT THE AUTHOR

...view details