গুৱাহাটী, ১ ছেপ্টেম্বৰ: উচ্ছেদক কেন্দ্ৰ কৰি আজি পুৱাই শিলসাঁকোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । শিলসাঁকোত পুনৰ উচ্ছেদ বন্ধ কৰাৰ দাবীত মণিপুৰৰ মহিলাৰ দৰে শিলসাঁকোৰ মহিলাই আৰক্ষী-প্ৰশাসনৰ সন্মুখতে চৰকাৰ বিৰোধী শ্লোগান দি অৰ্ধনগ্ন হৈ প্ৰতিবাদ সাবস্ত কৰে । অসমৰ ইতিহাসত কাহানিও নোহোৱা এই প্ৰতিবাদক লৈ এতিয়া সৰ্বত্ৰ চলিছে ব্যাপক চৰ্চা ।
কিয়নো মণিপুৰত একালত ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে হৈছিল এনেধৰণৰ প্ৰতিবাদ । গুৱাহাটীৰ শিলসাঁকোৰ ১২০ পৰা ১৩০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে পুৱাই সষ্টম হৈ আছিল আৰক্ষী প্ৰশাসন । তাৰ বাবে চৰকাৰৰ নিৰ্দেশত শিলসাঁকোৰ উচ্ছেদিত স্থানত মোতায়েন কৰা হৈছিল বহু সংখ্যক আৰক্ষী-নিৰাপত্তা বাহিনী ।
সাজু কৰা হৈছিল কেইবাখনো জেচিবি, এক্সকেভেটৰ । আৰক্ষীৰ বিশাল সমৰসজ্জা লগত লৈ আজি পুৱা প্ৰায় ৭ বজাতে শিলসাঁকোত প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ সাজু হয় । পৰৱৰ্তী সময়ত শিলসাঁকোত উচ্ছেদ অভিযানক লৈ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । শিলসাঁকোত পুনৰ উচ্ছেদ নকৰিবলৈ স্থানীয় ৰাইজ তথা প্ৰতিবাদকাৰীয়ে আৰক্ষীক বাধা প্ৰদান কৰে ।
ক্ষুব্ধ প্ৰতিবাদকাৰীক ৰুধিবলৈ অধিক কঠোৰ হৈ পৰে আৰক্ষী । ইয়াকে লৈ আৰক্ষী আৰু শিলসাঁকোৰ স্থানীয় ৰাইজে খণ্ডযুদ্ধত লিপ্ত হয় । এনে পৰিস্থিতিৰ মাজতে দুই মহিলাই অৰ্ধনগ্ন হৈ উচ্ছেদ অভিযানৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । ইয়াৰ লগে লগে উচ্ছেদস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে আন উচ্ছেদিত লোকসকলেও ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথম অৱস্থাত আটক কৰে ২০ গৰাকীকৈ মহিলাক । আটকাধীন মহিলাসকলৰ ভিতৰত গৰ্ভৱতী মহিলাও আছে বুলিও জানিব পৰা গৈছে । প্ৰতিবাদস্থলীৰ পৰা মহিলা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে টানি আজুৰি চোঁচৰাই আটক কৰে । পিছত আৰক্ষীয়ে আটক কৰা পুৰুষ মহিলাসহ অৰ্ধ শতাধিক প্ৰতিবাদকাৰীক কাহিলীপাৰাস্থিত চতুৰ্থ অসম বেটেলিয়নত আৱদ্ধ কৰি ৰাখে ।