অসম

assam

ETV Bharat / state

Protest Against Price Hike: কংগ্ৰেছৰ জন জাগৰণে উত্তাল কৰিলে ৰাজপথ - মূল্যবৃদ্ধি

আজিৰে পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কংগ্ৰেছৰ জন জাগৰণ যাত্ৰা । গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মূখত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছৰ । প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি নিয়ন্ত্রণত ব্যৰ্থ হোৱা বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

Protest Against Price Hike
কংগ্ৰেছৰ জন জাগৰণে উত্তাল কৰিলে ৰাজপথ

By

Published : Nov 14, 2021, 5:03 PM IST

গুৱাহাটী, ১৪ নবেম্বৰ : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বান ক্ৰমে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ওপজা দিনৰ লগত সংগতি আজিৰে পৰা ১৫ দিনীয়াকৈ দেশজুৰি আৰম্ভ হৈছে "জনজাগৰণ অভিযান"। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও দেওবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰিছে জন জাগৰণ যাত্রা ।

সেই উপলক্ষে দেওবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা "জনজাগৰণ যাত্ৰা" কাৰ্যসূচীৰ শুভাৰম্ভণী কৰা হয় । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৭৫ সংখ্যক স্বাধীনতা বৰ্ষপূৰ্তি উদযাপন সমিতিৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সহযোগত গুৱাহাটীত এই কাৰ্যসূচী পালন কৰা হয় । মূল্যবৃদ্ধি আৰু বিত্তীয় ব্যৱস্থাপনাৰ ভুল পৰিচালনাৰ বিৰুদ্ধে আৰু বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত জনজাগৰণ অভিযানৰ যোগেদি প্ৰদেশ কংগ্ৰেছে ৰাজপথ উত্তাল কৰি তোলে ।

কংগ্ৰেছৰ জন জাগৰণে উত্তাল কৰিলে ৰাজপথ

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা জন জাগৰণ যাত্রাত প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ্য নেতা প্ৰাক্তন মন্ত্রী শৰৎ বৰকটকী, প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা, বিধায়িকা শিৱামণি বৰাকে ধৰি ভালেসংখ্যক নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে । প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি নিয়ন্ত্রণত ব্যৰ্থ হোৱা বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে ।

ইফালে, প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, বিগত বহুদিনৰে পৰা কংগ্ৰেছে চ’ছিয়েল মিডিয়াযোগেও সক্ৰিয়ভাৱে এই অভিযানৰ কেম্পেইন কৰি আহিছে ।

লগতে পঢ়ক:Cattle sumggling : বাহনৰ গোপন কোঠাৰ পৰা উদ্ধাৰ 23 টাকৈ পশুধন

ABOUT THE AUTHOR

...view details