অসম

assam

By

Published : Dec 3, 2019, 10:08 PM IST

Updated : Dec 3, 2019, 10:25 PM IST

ETV Bharat / state

কেবৰ বিৰুদ্ধে ৰাজপথত জনতা , আকোঁৰগোজ চৰকাৰ

13 ডিচেম্বৰৰ ভিতৰত সংসদত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সম্পূৰ্ণ কৰিছে সকলো ধৰণৰ প্ৰস্তুতি ৷ এনে সময়ত অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতিবাদে ক্ৰমান্বয়ে লৈছে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ ৷

protest against CAB
কেবৰ বিৰুদ্ধে ৰাজপথত জনতা , আকোৰগোঁজ চৰকাৰ

03 ডিচেম্বৰ, নিউজ ডেক্সঃ যিমানে কেব উত্থাপন হোৱাৰ দিন চমু চাপি আহিছে , সিমানে ৰাজ্যত তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে কেব বিৰোধী আন্দোলন ৷ মঙলবাৰেও ৰাজ্যত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত উত্তাল হ'ল অসমৰ আকাশ বতাহ ৷ কটন বিশ্ববিদ্যালয় , গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এতিয়া কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ অন্যান্য শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী ৷ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতীকি শ ৰাজপথত উলিয়াই কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ একেদৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়তো ছাত্ৰ ছাত্ৰী সকলে কেবৰ বিৰুদ্ধে চলালে গণ স্বাক্ষৰ অভিযান ৷

ক্ৰমান্বয়ে তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে কেব বিৰোধী আন্দোলন

উল্লেখ্য যে, 13 ডিচেম্বৰৰ ভিতৰত সংসদত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সম্পূৰ্ণ কৰিছে সকলো ধৰণৰ প্ৰস্তুতি ৷ তাৰ পূৰ্বে গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ পূবৰ দল সংগঠনৰ লগত আলোচনাত মিলিত হৈছিল ৷ এই আলোচনাত ভাগ লৈছিল বিদেশীৰ বিৰুদ্ধে এসময়ত আন্দোলন কৰা অসম গণ পৰিষদেও ৷ কিন্তু আলোচনাৰ পৰা কাৰ্যত স্পষ্ট হৈছিল যে , যিকোনো মূল্যৰ বিনিময়ত কেব গৃহীত কৰিব কেন্দ্ৰীয় চৰকাৰে ৷

অবৈধ অনুপ্ৰৱেশনৰ সমস্যাই বছৰ বছৰ ধৰি জুৰুলা কৰি পেলোৱা অসমীয়া ৰাইজে মানি নলয় কেব ৷ কেবে ভাঙি পেলাব অসমৰ জনগাঁথনি ৷ শেষ কৰিব খিলঞ্জীয়াৰ ৰাজনৈতিক , অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ ৷ লগতে কেবে অমান্য কৰিব ঐতিহাসিক অসম চুক্তিক ৷ কিন্তু ইমানৰ পাছতো বিজেপি চৰকাৰে গৃহীত কৰিব কেব যাৰ বাবে ৰাজপথলৈ এতিয়া ওলাই আহিছে সকলো ৷

ক্ৰমান্বয়ে তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে কেব বিৰোধী আন্দোলন

লগতে পঢ়ক, এইবাৰ বিলাসীপাৰাত আছুৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰিলে দুৰ্বৃত্তই

কেবৰ বিৰুদ্ধে ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত জোৱান হিমাংশু গগৈৰ ব্যতিক্ৰমী প্ৰতিবাদ ৷ কেবৰ বিৰুদ্ধে চাইকেল চলাই তিনিচুকীয়াৰ পৰা নতুন দিল্লীত উপস্থিত হ'ব জোৱান জন ৷ উদ্দেশ্যে অসমৰ ৰাইজক কেবৰ বিৰুদ্ধে সজাগ কৰা ৷ গুৰুত্বপূৰ্ণ যে, জোৱান জনে ২০১৬ চনতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত অংশ ল'বলৈ স্বেচ্ছাই অৱসৰ লৈছিল ৷

আনহাতে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ নিশ্চুপতাক লৈ সৰব সদৌ অসম ছাত্ৰ সন্থা ৷ ডিব্ৰুগড়ৰ পাছত নলবাৰীতো জাতীয় নায়কৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিলে আছুৱে ৷ আনহাতে কেব বাতিল কৰাৰ দাবীত বৰপেটা , নলবাৰী , নগাঁও আৰু সৰুপথাৰত সংগঠনটোৱে অব্যাহত ৰাখে তীব্ৰ প্ৰতিবাদ ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ সমষ্টি সৰভোগতো প্ৰতিবাদ ৷ 90 % ছাত্ৰ ছাত্ৰীয়ে কেব সমৰ্থন কৰা বুলি কোৱা ৰঞ্জিত দাসৰ বক্তব্য কাৰ্যত ভুল প্ৰমাণিত ৷

ক্ৰমান্বয়ে তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে কেব বিৰোধী আন্দোলন

একে সময়তে বিধেয়ক খনৰ সমৰ্থনত থকা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু সাংসদ বিশ্বজিৎ দৈমাৰীৰ প্ৰতিকৃতি জ্বলিল বাক্সাত ৷ চিকিৎসালয় উদ্ধোধন কৰিবলৈ অহাৰ সময়তে আছু কৰ্মীয়ে হাগ্ৰামাক দেখুৱালে কলা পতাকা ৷

একেদৰে বিলাসীপাৰা , বিশ্বনাথ , হাইলাকান্দি , বঢ়মপুৰতো কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি বিভিন্ন জাতীয় সংগঠনে জ্বলালে গৃহমন্ত্ৰী , প্ৰধানমন্ত্ৰী , মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি ৷ মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে এতিয়া সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতিবাদে ক্ৰমান্বয়ে লৈছে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ ৷ এনে প্ৰক্ষাপটত ৰাজ্যৰ পৰৰ্বতী পৰিস্থিতিক শাসনাধিস্থ চৰকাৰ তথা কেব সমৰ্থন কাৰী দলে কেনেদৰে মোকাবিলা কৰিব সেয়া হ'ব নিশ্চিতভাৱে লক্ষণীয় ৷

Last Updated : Dec 3, 2019, 10:25 PM IST

ABOUT THE AUTHOR

...view details