গুৱাহাটী, ১৭ জুলাই :অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশা কৰা ধৰণেই আগবাঢ়িছে 'গৰু' কেন্দ্ৰিক ৰাজনীতি আৰু অৰ্থনীতি । সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে হেজাৰ কোটি টকাৰ লাভজনক চৰকাৰী যোগানৰ ঠিকাৰ । শুকুৰবাৰে বিধানসভাৰ মজিয়াত উত্থাপন কৰা বাৰ্ষিক বাজেটত ঠাই পোৱা বলধ গৰুৰ কৃত্ৰিম শুক্ৰাণু আমদানি কৰাৰ বাবে লোৱা প্ৰস্তাৱলৈ আঙুলিয়াই এই কথা জনাইছে ৰাজ্য চৰকাৰৰ এক বিশেষ সূত্ৰই ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত ইতিমধ্যে প্ৰকাশ কৰিছিল যে তেওঁ ৰাজ্যত বলধ গৰুৰ বিপৰীতে গাইগৰুৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰতি আগ্ৰহী । ইয়াৰে অংশ হিচাপে কালি বিধানসভাৰ মজিয়াত উত্থাপন কৰা বাৰ্ষিক বাজেটত প্ৰথম পৰ্যায়ত ১.২৫ লাখ কৃত্ৰিম শুক্ৰাণু আমদানি কৰাৰ বাবে প্ৰস্তাৱ দাখিল কৰা হয় । দিছপুৰৰ সূত্ৰটোৰ মতে বাজেটত প্ৰস্তাৱ লোৱাৰ আগতেই চৰকাৰৰ হৈ এক ব্যৱসায়িক লবীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা বহুজাতিক কোম্পানীৰ লগত কথা বতৰা পাতিছে ।
খবৰ অনুসৰি, ছেক্স-ছৰটেড (।) কৃত্ৰিম শুক্ৰাণু উৎপাদন কৰাৰ ক্ষেত্ৰত ইন্টালেকটুৱেল প্ৰপাৰটি ৰাইটছ ( intellectual property rights) থকা বিশ্বৰ দুটা কোম্পানী হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ক্ৰমে এই বি এছ গ্লোৱেল আৰু ছেক্সিং টেকনোলজিছ । ইয়াৰে এ বি এছ গ্লোৱেল নামৰ আমেৰিকান কোম্পানীটোৱে ইতিমধ্যে ভাৰতৰ মহাৰাষ্ট্ৰ, কেৰেলা, তামিলনাডু, কৰ্নাটক, উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত কাম কৰি আছে ।
ভাৰতত এই বি এছ গ্লোৱেলে কাম কৰি আছে জেনাছ ব্ৰীডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামে মহাৰাষ্ট্ৰৰ এটা স্থানীয় কোম্পানীৰ লগত। ইতিমধ্যে এ বি এছ -জেনাছ নামে পৰিচিত কোম্পানীটোৰ পৰা মহাৰাষ্ট্ৰ লাইভস্টক ডেভেলপমেন্ট বোৰ্ডে নিয়মিত ভাৱে ক্ৰয় কৰি আছে 'ছেক্স-ছৰটেড আৰ্টিফিচিয়েল ছিমেনছ'।
মুকলি বজাৰত এডাল ছেক্স-ছৰটেড ষ্ট্ৰ'ৰ দাম ১২০০ ৰ পৰা ১৫০০ টকা । কিন্তু তেনে এই আই ষ্ট্ৰ মহাৰাষ্ট্ৰৰ গো-পালকক ৰাজ সাহাযৰ অধীনত যোগান ধৰা হৈছে মাত্ৰ ৮১ টকাত। মনকৰিবলগীয়া যে সাধাৰণ এই আই ষ্ট্ৰ'ৰ দাম মুকলি বজাৰত মাত্ৰ ৪০ টকাহে।