গুৱাহাটী, 18 মে’: মহানগৰীৰ সমীপৰ ধাৰাপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকনলজিত ৰাজ্যিক ভিত্তিত বিজ্ঞান আৰ্হিৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলৰ সুপ্ত প্ৰতিভা সমূহ বিকাশ আৰু সকলোৰে আগত দাঙি ধৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই ৰাজ্যিক ভিত্তিত বিজ্ঞান প্ৰদৰ্শনী। এই প্ৰদৰ্শনী অসমৰ ২০খন ঠাইত অনুষ্ঠিত কৰা হৈছে । ছাত্ৰ-ছাত্ৰী সকলে ভৱিষ্যতত ব্যৱহাৰ হ'ব পৰা বহুতো সামগ্ৰীৰ উদ্ভাৱন কৰাৰ লগতে এই বিজ্ঞান প্ৰদৰ্শনীত প্ৰদৰ্শন কৰে ।
গুৱাহাটীত ৰাজ্যিক ভিত্তিত বিজ্ঞান আৰ্হিৰ প্ৰতিযোগিতা - Guwahati
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকনলজিত অনুষ্ঠিত কৰা হয় ৰাজ্যিক ভিত্তিত বিজ্ঞান আৰ্হিৰ প্ৰতিযোগিতা ৷
গুৱাহাটীত ৰাজ্যিক ভিত্তিত বিজ্ঞান আৰ্হিৰ প্ৰতিযোগিতা
এই প্ৰদৰ্শনীৰ শ্ৰেষ্ঠ উদ্ভাৱনৰ ৩ জনক পুৰস্কৃত কৰাৰ লগতে তেওঁলোকক ৰাষ্ট্ৰীয় ভিত্তিত বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণৰ বাবে সুযোগ দিয়া হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। অনুষ্ঠানটোত উপস্থিত থাকে পদ্মশ্ৰী তথা বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ বাৰিন্দ্ৰ কুমাৰ শৰ্মা, অসম চাইন্স এণ্ড টেকনলজি ইউনিভাৰচিটিৰ ডঃ নিপেন দাস, অসম বিজ্ঞান সমিতিৰ সভাপতি ডঃ জয়ন্তী চুতীয়াৰ লগতে বহুতো বিশিষ্ট ব্যক্তি।