গুৱাহাটী , 8 মাৰ্চঃ COVID-19ৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈছে চৰকাৰ ৷ অসমত এতিয়ালৈকে এজনে লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই যদিও ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সকলো ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চলি থকা যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা ব্যৱস্থাৰ বুজ ল’বলৈ দেওবাৰে বিমানবন্দৰত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা ৷ এই সতৰ্কতামূলক পৰ্যবেক্ষণত বৰ্তমানলৈকে পৰীক্ষা কৰা হৈছে 289 গৰাকী ব্যক্তিক ৷ মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰা সময়লৈকে বিদেশৰ পৰা অহা যাত্ৰীসকলকহে পৰ্যবেক্ষণ কৰা হৈছিল যদিও মন্ত্ৰীগৰাকীয়ে এতিয়াৰে পৰা সকলো বিমান যাত্ৰীকেই পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়ে ৷
অসম ভ্ৰমণ কৰি ভূটানলৈ যোৱা আমেৰিকান নাগৰিকজনৰ দেহত অসমত জ্বৰ হোৱা নাছিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী পিযুষ হাজৰিকাই জনসাধাৰণক জনসমাগমৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে আগন্তক ফাকুৱা উৎসৱতো পৰাপক্ষত অংশগ্ৰহণ নকৰিবলৈ অনুৰোধ জনায় ৷