গুৱাহাটী, ১৬ জানুৱাৰী :ৰাজ্যৰ কলা-সংস্কৃতিৰ ক্ষেত্রখনত আগবঢ়োৱা জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন (State Government's artist pension) । সেইদৰে ১৫০ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে বাৰ্ষিক শিল্পী সন্মান । আনহাতে এইবাৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে প্ৰসিদ্ধ শিল্পী অপৰ্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীলৈ (Silpi award to Arpana Bujarbaruah and Pulak Banerjee) ।
দেওবাৰে, জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বৰাই(Assam cultural minister Bimal Bora) । সোমবাৰে বিয়লি ৪ বজাত গুৱাহাটীৰ কলাক্ষেত্রত আয়োজন কৰা শিল্পী দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত শিল্পীসকলক বঁটা আৰু সন্মান প্ৰদান কৰা হ'ব । সংবাদমেলত মন্ত্রী বৰাই কয় যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত কেন্দ্রীয়ভাৱে আয়ােজন কৰা অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পীদ্বয় ক্রমে ড° অপর্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীক ২০২২ বৰ্ষৰ শিল্পী বঁটাৰে সন্মানিত কৰা হ'ব ।
আনহাতে, উক্ত অনুষ্ঠানতে অসম চৰকাৰে বিগত বছৰত ইতিমধ্যে ঘােষণা কৰি থােৱা অথচ ক'ভিড পৰিস্থিতিৰ বাবে প্ৰদান কৰিব নােৱাৰা ২০২১ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা, সাহিত্যাচার্য অতুলচন্দ্ৰ হাজৰিকা বঁটা, নটসূর্য ফণী শৰ্মা বঁটা আৰু বিষ্ণু ৰাভা বঁটাও (Bishnu Rabha award of Assam government) প্রদান কৰা হ'ব ।