গুৱাহাটী, 22 এপ্ৰিল:লক ডাউনৰ বাবে যোৱা প্ৰায় এমাহ ধৰি ৰাজ্যৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা লোক সকলৰ বাবে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ মঙলবাৰে এক সংবাদমেলত এই কথা ঘোষণা কৰিছে ৰাজ্যৰ বিত্ত,শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ অহা 25, 26 আৰু 27 এপ্ৰিলত আবদ্ধ হৈ থকাৰ স্থানৰ পৰা নিজ স্থানলৈ যাব পাৰিব লোকসকল ৷ উল্লেখিত তিনিটা দিনত আন্তঃজিলা যোগাযোগ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে যদিও তাৰ বাবে সংশ্লিষ্ট লোকজনে স্থানীয় জিলা উপায়ুক্ত পৰা অনুমতি ল'ব লাগিব বুলি জনাই মন্ত্ৰী গৰাকীয়ে ৷ এই অনুমতিৰ ক্ষেত্ৰত তিনি প্ৰকাৰৰ লোক ক্ৰমে-ৰোগী,নিজ বাহনসহ আন জিলাত আবদ্ধ হৈ থকা লোক আৰু অন্য জিলাত বিভিন্ন কাৰণত আবদ্ধ হৈ থকা চৰকাৰী কৰ্মচাৰী,শিক্ষাৰ্থী আৰু শ্ৰমিকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ৷ তৃতীয় পৰ্যায়ৰ লোকসকলৰ বাবে চৰকাৰে উক্ত তিনিটা দিনত অসম ৰাজ্যিক পৰিবহনৰ নিগমৰ বাছৰ ব্যৱস্থা কৰিব আৰু বাছ বোৰ চৰকাৰে নিৰ্ধাৰণ কৰা জিলাৰ মূল পথেৰেহে যাতায়ত কৰিব ৷
ৰাজ্যৰ ভিন্ন স্থানত আবদ্ধ লোকসকলৰ বাবে সু-খবৰ ! - ভিন্ন স্থানত আবদ্ধ লোকসকলৰ বাবে সু-খবৰ
অহা 25, 26 আৰু 27 এপ্ৰিলত আবদ্ধ হৈ থকাৰ স্থানৰ পৰা নিজ নিজ স্থানলৈ যাব পাৰিব লোকসকল ৷ এক সংবাদমেলত এই কথা ঘোষণা কৰিছে ৰাজ্যৰ বিত্ত,শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে জনোৱা মতে,চৰকাৰী বাছৰ সুবিধা ল'ব খোজা সকলে 104 নম্বৰত ফোন কৰি নিজৰ নাম পঞ্জীভুক্ত কৰিব পাৰিব আৰু প্ৰাধান্যৰ ভিত্তিত পৰিবহন বিভাগে যোগাযোগ কৰি যথা স্থানলৈ লৈ যোৱাৰ দিহা কৰিব ৷ ৰেড জ'ন হিচাপে চিহ্নিত জিলাৰ ক্ষেত্ৰটো জিলা উপায়ুক্তসকলে এনে অনুমতি আবেদনৰ গুৰুত্ব অনুসৰি ব্যৱস্থা প্ৰদান কৰিব পাৰিব ৷ যোৱা এমাহ ধৰি চলা লক ডাউনে অচলাৱস্থা সষ্টি কৰাৰ পিছত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাই পৰিস্থিতি কিছু স্বাভাৱিক কৰিব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়কঃ কোকৰাঝাৰ,চিৰাং, যোৰহাটত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি