অসম

assam

ETV Bharat / state

সৰুসজাইত ৩২সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

আজিৰে পৰা আৰম্ভ হৈছে ৩২সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা । অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা ।

By

Published : Dec 28, 2020, 1:54 PM IST

আজিৰে পৰা আৰম্ভ ৩২সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
আজিৰে পৰা আৰম্ভ ৩২সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

গুৱাহাটী, ২৮ ডিচেম্বৰ: দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত থকা ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত আৰম্ভ হৈছে ৩২ সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা । ক'ভিড প্ৰটকল মানি অনুষ্ঠিত কৰা হৈছে খেলখন । অসম এথলেটিকছ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান ওমকাৰ মল কেডিয়াই ।

আজিৰে পৰা আৰম্ভ ৩২সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

অসম, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, বিহাৰ, ঝাৰখণ্ড, ত্ৰিপুৰা, মেঘালয়, ছিকিম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । দুদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ প্ৰথম দিনটোত ৫৩টা ইভেন্টৰ খেল অনুষ্ঠিত হয়‌ ।

আজিৰে পৰা আৰম্ভ ৩২সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, উদ্যোক্তা সমিতিৰ অধ্যক্ষ ধৰ্মকান্ত মিলি আৰু সম্পাদক অশোক কুমাৰ ভৰালীকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠক ।



লগতে পঢ়ক:মহানগৰীত থলুৱা খাদ্যৰ সোৱাদ দিয়াৰ চেষ্টা যুৱকৰ

ABOUT THE AUTHOR

...view details