অসম

assam

ETV Bharat / state

ৰাজ্যিক কৰ্মচাৰীৰ লোক সেৱক আৰোগ্য যোজনাৰ নিৰ্দেশনা প্ৰকাশ - মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা

ৰাজ্যিক কৰ্মচাৰীৰ পৰা গ্ৰেড অনুসৰি দৰমহাৰ পৰা মাহিলি সংগ্ৰহ কৰা হ'ব ১৫ কোটি টকা । কৰ্মচাৰীয়ে চৰকাৰী চিকিৎসালয়ত লাভ কৰিব নগদবিহীন চিকিৎসা সেৱা । চতুর্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পৰা ১২৫ টকা, তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীৰ পৰা ২২৫ টকা আৰু প্ৰথম শ্ৰেণীৰ বিষয়াৰ পৰা সংগ্ৰহ কৰা হ'ব ৫০০ টকা ।

Lok Sevak Arogya Yojana
লোক সেৱক আৰোগ্য যোজনা

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 3:57 PM IST

গুৱাহাটী, ২৪ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ পৰা প্ৰতিমাহে প্ৰায় ১৫ কোটি টকা সংগ্ৰহ কৰি জটিল ৰোগৰ চিকিৎসা সেৱাৰ সুবিধা দিব । ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰসকলে লোক সেৱক আৰোগ্য যোজনা কেনেদৰে লাভ কৰিব সেই কথা ঠিক কৰি ৰাজ্যৰ স্বাস্থ্যসেৱা আৰু গৱেষণা বিভাগে নিৰ্দেশনাৱলী প্ৰস্তুত কৰিছে ।

উক্ত নিৰ্দেশনা অনুসৰি ৰাজ্যিক কৰ্মচাৰীসকলৰ পৰা গ্ৰেড অনুসৰি বৰঙনি মাহিলি দৰমহাৰ পৰা কৰ্তন কৰিব ডি ডি অ’সকলে । প্ৰকাশ পোৱা নিৰ্দেশনাৱলী অনুসৰি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে লোক সেৱক আৰোগ্য যোজনাৰ বাবে দিব লাগিব ১২৫ টকা, তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীয়ে ২২৫ টকা আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়া-কৰ্মচাৰীয়ে ৩২৫ টকা দিব লাগিব । সেইদৰে প্ৰথম শ্ৰেণীৰ বিষয়াই দিব লাগিব ৫০০ টকা ।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ প্ৰায় ৪ লাখ কৰ্মচাৰী আছে আৰু পেন্সনাৰ আছে প্ৰায় ডেৰ লাখ । অর্থাৎ মুঠ ৫.৫০ লাখ কৰ্মচাৰী আৰু পেন্সনাৰৰ পৰা গড়ে ৩০০ টকাকৈ লোকসেৱক যোজনাৰ বাবে কৰ্তন কৰিলে মুঠ সংগ্ৰহৰ পৰিমাণ হ’ব প্ৰায় ১৫ কোটি টকা ।

যোৱা দুই অক্টোবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোক সেৱক আৰোগ্য যোজনা আৰম্ভ কৰি এটা পৰ্টেল মুকলি কৰিছিল । উক্ত পৰ্টেল মুকলি হৈছিল যদিও কৰ্মচাৰীসকলে নাম পঞ্জীয়ন কৰাৰ বাদে প্ৰক্ৰিয়াটো আগবঢ়া নাছিল । যোজনাখন শুভাৰম্ভ কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি চিকিৎসা ব্যয় পৰিশোধৰ বাবে পৰ্টেলত নাম পঞ্জীয়ন কৰি এক এপ্ৰিলৰ পৰা চিকিৎসা মহাবিদ্যালয়, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু এইমছ আদি চৰকাৰী চিকিৎসালয়ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব ।

অহা বছৰৰ দুই অক্টোবৰৰ পৰা ৰাজ্যৰ বাহিৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই যোজনাৰ সুবিধা লাভ কৰিব । প্ৰথম অৱস্থাত দাবীসমূহ মীমাংসা কৰিবলৈ ৯০ দিন সময়সীমা হ’ব যদিও পৰৱৰ্তী পৰ্যায়ত ৪৫ দিনলৈ হ্ৰাস কৰা হ’ব । কৰ্মচাৰী সমাজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত ৰাজ্য চৰকাৰে লোকসেৱক যোজনা আৰম্ভ কৰিছিল যদিও নিৰ্দেশনাৱলী প্ৰকাশ হোৱাৰ পাছত আঁচনিখন বাস্তৱত ৰূপায়ণ হোৱাৰ বাট প্ৰশস্ত হৈ পৰিল ।

এই আঁচনিৰ যোগেদি চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াল চিকিৎসা সেৱাৰ ক্ষেত্ৰত উপকৃত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:ভাৰতীয় সংবিধান প্ৰণেতাসকল হিন্দু হোৱা বাবে ভাৰত আজি ধৰ্ম নিৰপেক্ষ দেশ হ’ল; মুখ্যমন্ত্ৰী হিমন্ত

ABOUT THE AUTHOR

...view details