নিউজ ডেস্ক, 24 অক্টোবৰ: ৰাজ্য়ত ক্ৰমশ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ শুকুৰবাৰৰ দিনটোলৈ ৰাজ্যত মুঠ 2,03,709 গৰাকীকৈ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা 900 গৰাকীলৈ বৃ্দ্ধি পাই ৷ আনহাতে, বৰ্তমানলৈকে 22,963 গৰাকী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈ উঠিছে 1,79,843 গৰাকী ৷ শুকুৰবাৰে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য ৷
ৰাজ্যত কৰ'ণা ভাইৰাছত মৃতকৰ সংখ্যা 900 গৰাকীলৈ বৃদ্ধি - himanta biswa sarma
ৰাজ্যত মুঠ 2,03,709 গৰাকীকৈ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা 900গৰাকীলৈ বৃ্দ্ধি পাই ৷
ৰাজ্যত 900গৰাকী লোকৰ মৃত্যু কৰ'ণা ভাইৰাছত
ইফালে, মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বৰ্তমান 88'28 শতাংশ সুস্থ হৈ উঠিছে,চিকিৎসাধীন হৈ আছে 11'27 শতাংশ আৰু মৃতকৰ হাৰ 0'44 শতাংশ
অন্য এক খবৰৰ বাবে:দিল্লীত ভয়াৱহভাৱে নিম্নগামী হৈছে বায়ুৰ গুণগত মানৰ সূচাংক