গুৱাহাটী, ২১ ছেপ্টেম্বৰ: 'নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট, ২০১৫'ত সন্নিবিষ্ট বিষয়সমূহ শীঘ্ৰে ৰাজহুৱা কৰাৰ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে । এন এছ চি এন (আই এম)ৰ সৈতে শান্তি আলোচনাৰ প্ৰসংগত মুখ্যমন্ত্রী তথা 'নেডা'ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডিমাপুৰলৈ যোৱা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক বিবৃতিত কয়, ‘‘২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত চৰকাৰ আৰু NSCN (I-M)ৰ মাজত নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কৰি গৌৰৱেৰে ঘোষণা কৰিছিল যে আজি আমি কেৱল এটা সমস্যা শেষ কৰা নাই, বৰং এক নতুন ভৱিষ্যতৰ আৰম্ভণি কৰিছো । আশ্বৰ্যজনকভাৱে এই নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰা নহ'ল ।
নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত কি বিষয় সন্নিবিষ্ট আছিল তাক ৰাজহুৱা কৰিবলৈ সেই সময়ত কংগ্রেছ দলে দাবী জনাইছিলোঁ । কিন্তু আজিলৈকে কোনেও নাজানে এই ফ্ৰেমৱৰ্কত কি লিখা আছে । বছৰ বাগৰিল, কিন্তু গৌৰৱেৰে কৰা এই ঘোষণা আজিও ঘোষণা হৈয়েই থাকিল । বাস্তৱত একোৱেই হৈ উঠা কোনেও দেখা নাপালে’’ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই ৷
লগতে পঢ়ক:ডিব্ৰুগড়তো আৰক্ষীৰ জালত 17 টা ভূ-মাফিয়া
পৰৱৰ্তী সময়ত ২০১৯ ত নগা শান্তি আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে তেখেতৰ একেবাৰে বিশ্বস্ত ব্যক্তি আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল । কিন্তু বিষয়টো আগ নাবাঢ়িল আৰু NSCN(I-M) আৰু ৰাজ্যপালৰ মাজৰ বিতৰ্কই দখল কৰা বাতৰিৰ শিৰোনাম অনুসৰি এই "এগ্ৰিমেণ্ট" গৈ "মতবিৰোধ এগ্ৰিমেণ্ট"হে হ'ল ।
এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে নাগালেণ্ডৰ এই সমস্যা সমাধান নকৰাকৈয়ে ৰাজ্যপাল ৰবিক আঁতৰাই দিছে । একে সময়তে জানিব পৰা মতে, গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক NSCN(I-M) ৰ লগত আলোচনাত বহিবলৈ প্ৰতিনিধি হিচাপে নিযুক্ত কৰিছে । এতিয়া প্ৰশ্ন উঠিছে যে কি ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীয়ে NSCN(I-M) ৰ লগত আলোচনাত বহিব ৷
এগৰাকী মুখ্যমন্ত্ৰী হিচাপে বিধানসভা আৰু কেবিনেটক বিশ্বাসত নোলোৱাকৈ তেখেতে যাব আৰু আলোচনাত বহিব পাৰিব নে । NSCN(I-M) বৃহত্তৰ নাগালিমৰ সমৰ্থক হিচাপে জনা যায় আৰু সকলোৱে জানে তেওঁলোকে অসমৰ কিছু কিছু এলেকা তাত অন্তৰ্ভুক্ত কৰিব বিচাৰে । অসমৰ প্ৰতি ইঞ্চি ভূমি ৰক্ষা কৰিবৰ বাবে কংগ্রেছ দল দৃঢ় প্ৰতিজ্ঞ আৰু কোনো পৰিস্থিতিতে অসমৰ ভূখণ্ড বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত হ'বলৈ নিদিওঁ বুলি কয় ভূপেন বৰাই ৷