অসম

assam

ETV Bharat / state

BJP Spokesperson Rupam Goswami: চৰকাৰৰ কাম-কাজত জনসাধাৰণৰ লগতে বিৰোধী দলৰ নেতায়ো সন্তুষ্টি প্ৰকাশ কৰিছে; ৰূপম গোস্বামী

চৰকাৰৰ এনে জনকল্যাণমুখী কৰ্মৰাজিয়ে ৰাজ্যৰ প্ৰতিজন নাগৰিকক আশ্বস্ত কৰিছে আৰু ৰাইজে ভাৰতীয় জনতা পার্টিক আন্তৰিকতাৰে আকোঁৱালি লৈছে । যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছকে আদি কৰি সকলোবোৰ বিৰোধী দলেই এতিয়া হতাশাগ্রস্ত হোৱাই নহয় সকলো বিৰোধী বহুধাবিভক্ত হৈ পৰিছে । এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ ৷

BJP Spokesperson Rupam Goswami
ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 11:01 PM IST

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী

গুৱাহাটী ৪ ছেপ্টেম্বৰ:চৰকাৰৰ কাম-কাজত অসমৰ জনসাধাৰণৰ লগতে বিৰোধী দলৰ নেতায়ো সন্তুষ্টি প্ৰকাশ কৰিছে । শেহতীয়াকৈ অখিল গগৈয়ে মন্ত্রী পীযুষ হাজৰীকাৰ গুণানুকীৰ্তন কৰা দেখা গৈছে । ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰখনে ২০১৬ চনৰ পৰা অসমৰ বিকাশৰ স্বাৰ্থত নিৰন্তৰে কাম কৰি আহিছে আৰু ২০২১ চনৰ পৰা এই বিকাশৰ গতি অধিক বৃদ্ধি পাইছে । এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ ।

বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সোমবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপিৰ মুখপাত্রগৰাকীয়ে এই কথা সদৰী কৰে ৷ তেওঁ লগতে কয়, চৰকাৰৰ এনে জনকল্যাণমুখী কৰ্মৰাজিয়ে ৰাজ্যৰ প্ৰতিজন নাগৰিকক আশ্বস্ত কৰিছে আৰু ৰাইজে ভাৰতীয় জনতা পার্টিক আন্তৰিকতাৰে আকোঁৱালি লৈছে । যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছকে আদি কৰি সকলোবোৰ বিৰোধী দলেই এতিয়া হতাশাগ্রস্ত হোৱাই নহয় সকলো বিৰোধী বহুধাবিভক্ত হৈ পৰিছে ।

তেওঁ আৰু কয়, ৰাজ্য চৰকাৰৰ দক্ষতাৰ বাবেই শেহতীয়াকৈ অসমে খুচুৰা মুদ্রাস্ফীতিৰ নিম্ন হাৰৰ অন্যতম ৰাজ্য হিচাপে অনন্য কৃতিত্ব অৰ্জন কৰিছে । প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই সময়মতে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে, প্ৰতিগৰাকী আদর্শবান কৃষকে পি এম কিষাণ সন্মান নিধিৰ জৰিয়তে সময়মতে বেংক একাউণ্টৰ জৰিয়তে ধন লাভ কৰি আহিছে ।

মুখপাত্রগৰাকীয়ে লগতে কয়, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীয়ে বিজেপি চৰকাৰক সমালোচনা কৰাৰ কোনো অধিকাৰেই নাই । প্রতি ইউনিট বিদ্যুতৰ মূল্য বিৰোধী শাসিত বিহাৰত ৯.৯৬ টকা আৰু ৰাজস্থানত ৮.১৩ টকাৰ বিপৰীতে অসমত ৭.৬০ টকা । একেদৰে বিৰোধী শাসিত বিহাৰত পেট্ৰ’লৰ মূল্য ১০৭.২৪ টকা, পশ্চিমবংগত ১০৬.০৩ টকা, কৰ্ণাটকত ১০১.৯৫ টকা, ৰাজস্থানত ১০৮.৪৮ টকাৰ বিপৰীতে অসমত ৯৮.০৩ টকা ।

কংগ্ৰেছ দলে চাহ জনগোষ্ঠী এলেকাৰ ৰাইজৰ মাজত সোমাই পৰাত বিজেপি শংকিত হৈছে নেকি বুলি সোধা এক প্ৰশ্ন উত্তৰত গোস্বামীয়ে কয় যে কংগ্ৰেছ দল ইতিমধ্যে চাহ জনগোষ্ঠীয় এলেকাৰ ৰাইজৰ মাজত শোষণকাৰী দল হিচাপে পৰিচিত । তাত আমি শংকিত হ’ব লগা কথা নাই । চাহ জনগোষ্ঠীৰ ৰাইজে ২০১৪ চনৰ পৰা উন্নয়নৰ মুখ দেখিছে । লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ কাৰণে তিনি শতাংশ আসন সংৰক্ষণ কৰিছে বুলি সদৰী কৰে ।

বিজেপিৰ কার্যকৰ্তাসকলেও চাহ এলেকাৰ জনসাধাৰণৰ আধাৰ কাৰ্ড প্ৰস্তুত, ৰেচন কাৰ্ড বিতৰণকে আদি কৰি ভোটাৰ তালিকাত নামভুক্তিকৰণ কাম কৰি আহিছে । কংগ্ৰেছ দলে এতিয়া বিজেপিৰ শাসনত বাগান এলেকাত হোৱা উন্নয়নৰ কাম পৰিদৰ্শন কৰিবলৈ গৈছে । প্ৰকৃততে কংগ্ৰেছ দলৰ এতিয়া দোদুল্যমান অবস্থা বুলিও মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক:Karnataka Model in Assam: কৰ্ণাটক চৰকাৰৰ আৰ্হিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্য চলাবলৈ আহ্বান ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details