গুৱাহাটী ৫ ফেব্ৰুৱাৰী:ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক এগৰাকী খিচিৰি সাংসদ বুলি মন্তব্য় কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই (State BJP spokesperson react on MP) । দেওবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰী সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য় কৰে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই (Bharatiya Janata Party headquarters at Basistha)। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে সকলোৰে পৰা সহায় লৈ এতিয়া তেওঁ এগৰাকী সাংসদ হৈছে । তেওঁৰ সকলো কামকাজক ভেকোভাওনা বুলি কয় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ।
সংবাদমেলত মুখপাত্ৰগৰাকীয়ে অজিত কুমাৰ ভূঞাৰ পুঁজি কেলেংকাৰী সন্দৰ্ভত আক্ৰমণাত্মক হৈ পৰে । মুখপাত্ৰগৰাকীয়ে পুনৰ কয় ,"অজিত কুমাৰ ভূঞা এগৰাকী খিচিৰি সাংসদ (State BJP spokesperson react on Ajit Kumar Bhuyan) । তেওঁ সকলোৰে পৰা সহায় লৈ এগৰাকী সাংসদ হৈছে । তেওঁৰ বিৰুদ্ধে যি সাংসদ পুঁজি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে তেওঁ এই তদন্তক বিভিন্ন অজুহাতেৰে বিপথে পৰিচালিত কৰিছে ।" তেওঁ পুনৰ কয় যে অজিত কুমাৰ ভূঞাই তিনি দশক ধৰি নৈতিক শিক্ষা দিছে সকলোকে।