অসম

assam

ETV Bharat / state

চৰ্চাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০ দিনীয়া জন্মদিন - state bjp prepared for celebrate birthday of narendra modi for 20 days etv bharat news

১৭ ছেপ্তেম্বৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷ ইয়াৰ বাবে বিস্তৃত কাৰ্যসূচী চূড়ান্ত কৰিছে প্ৰদেশ বিজেপিৰ নেতৃত্বই ৷ ইয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

state bjp prepared for celebrate birthday of narendra modi for 20 days etv bharat news
নৰেন্দ্ৰ মোডীৰ ২০ দিনীয়া জন্মদিন

By

Published : Sep 15, 2021, 5:39 PM IST

গুৱাহাটী, 15 ছেপ্তেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ২০ দিনীয়া কাৰ্যসূচীৰে মহা ধুমধামেৰে পালন কৰিব শাসকীয় দল বিজেপিয়ে ৷ ইয়াৰ বাবে বিস্তৃত কাৰ্যসূচী চূড়ান্ত কৰিছে প্ৰদেশ বিজেপিৰ নেতৃত্বই ৷ মোডীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব এই কাৰ্যসূচী ৷ ৭ অক্টোবৰলৈ চলিবলগীয়া প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনৰ কাৰ্যসূচীক ‘সেৱা আৰু সমৰ্পণৰ ২০ দিন’ বুলি অভিহিত কৰা হৈছে ৷

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ২০ দিনীয়া জন্মদিন

প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি তেওঁৰ জীৱন আৰু কীৰ্তি সম্পৰ্কত দলৰ ৰাজ্যিক আৰু জিলা কাৰ্যালয়সমূহত প্ৰদৰ্শনী অনুষ্ঠিত হ’ব ৷ নমো এপৰ যোগেদি প্ৰধানমন্ত্ৰী মোডীৰ জীৱন আৰু কৰ্মৰাজীৰ দৃশ্য-শ্ৰব্য প্ৰদৰ্শনী স্থানীয় ৰাজহুৱা ভৱন বা প্ৰেক্ষাগৃহত প্ৰজেক্টৰৰ যোগেদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব ৷ দলৰ সকলো কাৰ্যকৰ্তাই এই প্ৰদৰ্শনী চাব লাগিব ৷

লগতে চাওক:75 টকাত পেট্ৰ’ল আৰু 68 টকাত ডিজেল কেনেকৈ সম্ভৱ ভাৰতত ?

প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰজনৰ কল্যাণৰ বাবে গ্ৰহণ কৰা উদ্যোগৰ বাবে তেওঁক ধন্যবাদ জনাই সমগ্ৰ দেশৰ পৰা ৫ কোটি পোষ্টকাৰ্ড প্ৰেৰণ কৰা হ’ব ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ‘প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা’ৰ হিতাধিকাৰীৰ মাজত মহিলা মৰ্চাৰ উদ্যোগত ‘ৰেচন মোনা’ বিতৰণ কৰা হ’ব ৷ প্ৰধানমন্ত্ৰীৰ বহুমুখী ব্যক্তিত্ব আৰু কৰ্মৰাজীৰ সম্পৰ্কত বুদ্ধিজীৱীৰ দ্বাৰা বাতৰি কাকতত নিবন্ধ, লিখনি আদি প্ৰকাশ কৰি ৰাইজৰ মাজত প্ৰচাৰৰ ব্যৱস্থা কৰা হ’ব ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰীৰ দৈনন্দিন জীৱন পদ্ধতি আৰু কৰ্মৰাজীৰ বিষয়ে বুদ্ধিজীৱী, বিশিষ্ট নাগৰিক আদিৰ উপস্থিতিত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব ৷ উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭ অক্টোবৰত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ২০ বছৰ সম্পূৰ্ণ কৰিব ৷ ২০০১ চনৰ ৭ অক্টোবৰত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু ২০১৪ চনৰ ২৬ মে’ত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷

আনহাতে, ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন ৷ সেয়ে জন্মদিনৰ লগতে ২০ বছৰীয়া শাসন সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি প্ৰদেশ বিজেপিয়ে ২০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব বিভিন্ন অনুষ্ঠানৰ ৷ সেই অনুসৰি ১৭ ছেপ্তেম্বৰত প্ৰত্যেক বুথত থকা সত্ৰ, নামঘৰ, মন্দিৰ তথা উপাসনাস্থলীত নৈবেদ্য, পূজা আগবঢ়োৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰি প্ৰতিজন কাৰ্যকৰ্তাৰ ঘৰৰ পদূলিমুখত বন্তি প্ৰজ্বলন কৰা হ’ব ৷

লগতে চাওক:JEE-Main চতুৰ্থ পৰ্যায়ৰ ফলাফল : 44 গৰাকীৰ 100 শতাংশ নম্বৰ লাভ

১৮ আৰু ১৯ ছেপ্তেম্বৰত বুথ পৰ্যায়ত স্বচ্ছ ভাৰত অভিযান হাতত লোৱাৰ লগতে বিশেষভাৱে বিশ্বকৰ্মা পূজাৰ পিছত য’তে-ত’তে পেলাই দিয়া মূৰ্তিবোৰ নদীত বিসৰ্জন দিয়া হ’ব ৷ ২০ আৰু ২১ ছেপ্তেম্বৰত অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম, চিকিৎসালয় আদিত ফল-মূল বিতৰণ কৰা হ’ব ৷ এই কাৰ্যসূচী ৰূপায়ণত অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিচপৰা শ্ৰেণী আৰু চাহ জনগোষ্ঠী মৰ্চাই বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিব ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

২২, ২৩ আৰু ২৪ ছেপ্তেম্বৰত জিলা পৰ্যায়ত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ’ব ৷ ২৫, ২৬ আৰু ২৭ ছেপ্তেম্বৰত জিলা পৰ্যায়ত যুৱ মৰ্চাৰ উদ্যোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব ৷ ২৮, ২৯, ৩০ ছেপ্তেম্বৰ আৰু ১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰৰ সফলতাক বিষয়বস্তু হিচাপে লৈ জিলাভিত্তিত বিশিষ্ট নাগৰিকসকলৰ সভা অনুষ্ঠিত হ’ব ৷ ২, ৩, ৪ আৰু ৫ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ৰাজ্যৰ মুঠ ৭১ টা স্থানত থকা ঐতিহ্যমণ্ডিত পুখুৰী, নদী আদি পৰিষ্কাৰ কৰাৰ লগতে পেলনীয়া প্লাষ্টিক সামগ্ৰী পৰিষ্কাৰ কৰা হ’ব ৷

৬ আৰু ৭ অক্টোবৰত জিলাসমূহত বিশেষভাৱে সক্ষম লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হ’ব ৷ মোডীৰ জন্মদিন ২০ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে বিস্তৃত ক‍াৰ্যসূচী হাতত লৈছে ৷ শাসকীয় বিজেপি দলৰ মোডীৰ জন্মদিনৰ ২০ দিনীয়া কাৰ্যসূচীকলৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এয়া বিজেপিৰ প্ৰহসনৰ অন্যতম উদাহৰণ বুলি বিভিন্ন দল-সংগঠনে মন্তব্য কৰিছে ৷

বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয় ২০ দিনীয়া কার্যসূচীৰে প্ৰধানমন্ত্ৰীৰ জন্মদিন উদযাপন কৰাৰ কোনো যুক্তি নাই ৷ অৱশ্যে বিভিন্ন সমালোচনা আৰু বিৰূপ প্ৰতিক্ৰিয়াৰ মাজতে ৰাজ্যিক বিজেপিৰ নেতৃত্ব সাজু হৈছে মোডীৰ ২০ দিনীয়া জন্মদিন উদযাপনৰ বাবে ৷

লগতে চাওক:অভিযন্তা দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details