গুৱাহাটী,২৮ ছেপ্টেম্বৰঃ আভ্যন্তৰীণ সংঘাতৰ বাবে সকলো সময়তে কংগ্ৰেছক সমালোচনা কৰি অহা বিজেপিৰ ভিতৰ চ'ৰাটো অব্যাহত আছে মনোমালিন্য (Internal conflict in BJP) । শাসকীয় দল বিজেপিৰ ভিতৰ চ’ৰাত ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সংঘাত তথা লবীকেন্দ্ৰিক ৰাজনীতি । এইক্ষেত্ৰত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ দুৰ্বল স্থিতিৰ কথাই এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে ।
দলৰ একাংশ বিধায়ক তথা নেতা দলটোৰ সভাপতিজনৰ দুৰ্বল স্থিতিৰ বাবেই নিয়ন্ত্ৰণহীন হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে । লক্ষণীয় বিষয় যে শাসকীয় দলৰ একাংশ বিধায়কে মন্ত্ৰীক তুচ্ছ তাচ্ছিল্য কৰা নাইবা মন্ত্ৰীয়ে বিধায়কক ভেঙুচালি কৰাটো এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে । মন্ত্ৰীক অকর্মণ্য আখ্যা দি পদত্যাগৰ দাবী তোলা এতিয়া বিজেপিৰ অভ্যন্তৰত প্ৰত্যক্ষ কৰা কেতবোৰ চিৰাচৰিত ঘটনা ।
বহুজনে আকৌ নিজ চৰকাৰৰ নীতিকে সমালোচনা কৰি সৰৱ হোৱা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত । যাৰ বাবে কেইবাজনো নিলম্বিতও হৈছে বিজেপিৰ পৰা ।
উল্লেখ্য যে দলটোৰ ৰাজ্যিক সভাপতিৰ নিজ সমষ্টিৰ এগৰাকী যুৱতীয়ে বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে চাকৰিৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । এক কথাত সমষ্টিৰ এগৰাকী সাধাৰণ যুৱতীৰ অভিযোগত ধৰাশায়ী হ'বলগীয়া হ'ল ভৱেশ কলিতা (State BJP President Bhobesh Kalita) ।
লক্ষণীয় বিষয় যে, সংকটৰ সময়ত প্ৰদেশ বিজেপিৰ প্ৰায়বোৰ নেতাই কিন্তু ভৱেশ কলিতাক সংগ দিয়া পৰিলক্ষিত নহ'ল । বৰং বিজেপিৰ একাংশই ভৱেশ কলিতাক সভাপতিৰ পৰা আঁতৰাই উজনি অসমৰ এজন নেতাক বিজেপিৰ ৰাজ্যিক সভাপতি পতাৰ কুচকাৱাজ আৰম্ভ কৰিলে । তাৎপৰ্যপূৰ্ণ যে, বিভিন্ন ক্ষেত্ৰত বিজেপিৰ ভিতৰ চ'ৰাত এনেদৰে কেতবোৰ সংঘাত স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে ।
আনহাতে, পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক ঠিকা দিয়া সন্দৰ্ভত গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে গ্ৰহণ কৰা সিদ্ধান্তক লৈয়ো শাসকীয় দলটোৰ মাজত বিৰোধ দেখা গৈছিল ।