অসম

assam

ETV Bharat / state

গ্ৰাহকৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই

ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই সমগ্ৰ অসমতে গ্ৰাহকৰ লেনদেন, কৰ্মচাৰীৰ কামৰ সময় হ্ৰাস কৰিছে । পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈকেহে গ্ৰাহকে বেংকৰ লেনদেনৰ সেৱা লাভ কৰিব ।

By

Published : Apr 30, 2021, 10:31 PM IST

গ্ৰাহকৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই
গ্ৰাহকৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই

গুৱাহাটী, ৩০ এপ্ৰিল :ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই সমগ্ৰ অসমতে গ্ৰাহকৰ লেনদেন, কৰ্মচাৰীৰ কামৰ সময় হ্ৰাস কৰিছে । শুকুৰবাৰে বেংক কৰ্তৃপক্ষই জাৰি কৰিছে এই সম্পৰ্কে এক নতুন নিৰ্দেশনা ।

গ্ৰাহকৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই

সেই অনুসৰি পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ গ্ৰাহকে বেংকত ধন জমা থোৱা বা ধন উলিওৱাৰ সুবিধা লাভ কৰিছিল যদিও এতিয়াৰে পৰা সেই সেৱাৰ সময় হ্ৰাস কৰা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈকেহে গ্ৰাহকে এই সেৱা লাভ কৰিব । একেদৰে বেংকৰ বিষয়া-কৰ্মচাৰীৰ বাবেও জাৰি কৰা হৈছে কেতবোৰ নতুন নীতি নিৰ্দেশনা । আধাৰ কাৰ্ড সম্পৰ্কীয় সেৱাও এতিয়াৰে পৰা সীমিত কৰিছে ষ্টেট বেংক কৰ্তৃপক্ষই ।

লগতে পঢ়ক: বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বিশেষ বুলেট

ABOUT THE AUTHOR

...view details