গুৱাহাটী, 27 অক্টোবৰ : ৰাজ্যত ব্যাপক হাৰত নাটনি হৈছে দলিল ৷ বিগত ফেব্ৰুৱাৰী মাহৰ পৰাই দলিলৰ নাটনি হোৱাত এক প্ৰকাৰে হাহাকাৰৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷ অধিবক্তাৰ পৰা আৰম্ভ কৰি গুচৰীয়া পক্ষ, ছাত্ৰ-ছাত্ৰীকে আদি কৰি সকলোৱে সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷
আনহাতে, দলিলৰ এনি নাটনিৰ সুৱৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ মধ্যভোগীয়ে ৷ কিয়নো দলিলৰ এনে কৃত্ৰিম নাটনিৰ গয়না লৈ একোখন দলিল বিক্ৰী কৰিছে চৰা দামত ৷ বিশেষকৈ10 টকীয়া বা 20 টকীয়া একোখন দলিল বাহিৰত বিক্ৰী কৰিছে 50 ৰ পৰা 80 টকা দৰত ৷ ঠিক সেইদৰে 50 টকীয়া দলিল বিক্ৰী হৈছে 200 টকা দৰত ৷
ইফালে, কামৰূপ জিলা মহানগৰীৰ কোষাগাৰৰ এক সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, ফেব্ৰুৱাৰী মাহৰ পৰাই কামৰূপ মহানগৰকে আদি কৰি ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে নাটনি হৈছে দলিলৰ ৷ সকলোতে মাত্ৰ 500 টকীয়া দলিলহে উপলব্ধ ৷
লগতে পঢ়ক :আহমেদাবাদ পালেহি দেশৰ প্ৰথমখন ছী-প্লেন
সূত্ৰটোৱে আকৌ প্ৰকাশ কৰা অনুসৰি, অসমত ব্যৱহাৰ হোৱা দলিল সমূহ ছপা হয় নাছিকত ৷ কিন্তু অসম চৰকাৰে নাছিকৰ ছপাশালক দলিল ছপাৰ নামত ব্যয় হোৱা ধন নিদিয়াৰ বাবেই নাছিকৰ ছপাশালে দলিল সমূহ ৰাজ্য চৰকাৰক হস্তান্তৰ কৰা নাই ৷ যিটোৱে চৰকাৰখনৰ চৰম দায়িত্বজ্ঞান হীনতাকে বুজাইছে ৷ কিয়নো দলিলৰ এনে অভাৱৰ বাবে সৰ্বসাধাৰণ ৰাইজে কৰিব পৰা নাই কোনোধৰণৰ গুৰুত্বপূৰ্ণ কাম ৷
ৰাজ্যিক কোষাগাৰৰ কৰ্মচাৰীৰ মন্তব্য কিন্তু কামৰূপ জিলা মহানগৰীৰ কোষাগাৰ বা ৰাজ্যৰ আন জিলা সমূহৰ ৰাজহ চক্ৰৰ কাৰ্যালয় সমূহত দলিলৰ নাটনি ঘটিছে তেনে সময়তে কিন্তু একাংশ মধ্যভোগীৰ হাতত উপলব্ধ হৈ আছে কম খৰছৰ দলিল সমূহ ৷ যাৰ উদাহৰণ পোৱা গৈছে খোদ কামৰূপ মহানগৰৰ একাংশ আদালতৰ চৌহদত ৷ যাৰবাবে কম খৰছি দলিল সমূহ মধ্যভোগীৰ হাতৰ পৰি অধিক ধনৰ বিনিময়ত ক্ৰয় কৰাৰ পৰিৱৰ্তে উপায়ন্তৰ হৈ 500 টকীয়া দলিলৰেই কাম চলাব লগাত পৰিছে ৰাইজে ৷
লগতে পঢ়ক :দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে UPPL দলৰ শতাধিক ৰাইজৰ পদ যাত্ৰা