গুৱাহাটী, ১৯ মে': ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যৰে মেগা নিযুক্তিৰে ২২,৯৮৫ টা পদ পূৰণ(Mega recruitment in Assam) কৰি কাম-কাজত গতিশীলতা অনাৰ সময়তে বিষয়া-কৰ্মচাৰীৰ অভাৱত ৰাজ্য চৰকাৰৰ অধীনস্থ কেইবাটাও নিগম, পৰিষদৰ কাম-কাজত অচলাৱস্থাই দেখা দিছে । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ অধীনস্থ কেইবাটাও বিভাগত বছৰ বছৰ ধৰি নিযুক্তি হোৱা নাই । কোনো কোনো নিগমত কমসংখ্যক খালী পদত নিযুক্তি হৈছে যদিও অস্থায়ী ভিত্তিহে নিযুক্তি দিয়া হৈছে ।
প্ৰতিবছৰে বিষয়া-কৰ্মচাৰীয়ে অৱসৰ পোৱাৰ পাছতো নতুন নিযুক্তি নোহোৱাত কোনো কোনো নিগমত কাম-কাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত অভাৱ পৰিলক্ষিত হৈছে । অতি শেহতীয়াকৈ অসম বীজ নিগমত(Assam Seeds Corporation Limited) বিষয়া-কৰ্মচাৰীৰ অস্বাভাৱিক নাটনিত এতিয়া জিলাসমূহত থকা শাখা কার্যালয়সমূহত ব্যাপক সমস্যাই দেখা দিছে । জানিব পৰা মতে অসম বীজ নিগমৰ ৰাজ্যখনত প্ৰায় ৩৩ টা শাখা কার্যালয় আছে । কিন্তু আশ্চৰ্যকৰ কথা যে এই ৩৩ টা শাখা কাৰ্যালয়ৰ অৰ্ধসংখ্যক কার্যালয়তেই নাই শাখা পৰিচালক ।
ৰাজ্যত বহুসংখ্যক কৃষি স্নাতক নিবনুৱা হৈ বহি থকাৰ সময়ত অসম বীজ নিগমত এতিয়া শাখা কার্যালয়সমূহ পৰিচালনা কৰিবলৈ বিষয়া নোহোৱা হৈ পৰিছে । বিষয়াৰ অভাৱত প্ৰায় ১৪ জন বিষয়াই বীজ নিগমৰ ৩৩ টা শাখা কার্যালয় চলাই থাকিবলৈ বাধ্য হৈছে । কোনো কোনো বিষয়াই দুই-তিনিখনকৈ জিলাৰ শাখা কার্যালয় পৰিচালনা কৰিছে । বৰপেটা জিলাৰ শাখা কাৰ্যালয়ৰ বিষয়াগৰাকীয়ে আকৌ চাৰিখন জিলাৰ দায়িত্ব চন্তালিছে ।