অসম

assam

ETV Bharat / state

অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডত অচলাৱস্থা; শোচনীয় অৱস্থাত উৎপাদন কেন্দ্ৰ - Assam Khadi Board

সংকটত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড (Assam Khadi and Village Industries Board)। উদ্বেগজনকভাৱে অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডে স্থাপন কৰা উৎপাদন কেন্দ্ৰসমূহ এতিয়া এটাৰ পাছত আনটোকৈ বন্ধ হৈ পৰিছে ।

Assam Khadi and Village Industries Board
অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডত অচলাৱস্থা, শোচনীয় অৱস্থাত উৎপাদন কেন্দ্ৰ

By

Published : Jul 9, 2022, 10:49 PM IST

গুৱাহাটী, ৯ জুলাই:সংকটত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড (Assam Khadi and Village Industries Board)। উদ্বেগজনকভাৱে অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডে স্থাপন কৰা উৎপাদন কেন্দ্ৰসমূহ এতিয়া এটাৰ পাছত আনটোকৈ বন্ধ হৈ পৰিছে ।

ক'ভিডসৃষ্ট পৰিস্থিতিৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে থলুৱা উৎপাদন কেন্দ্ৰ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছিল । দেশক আত্মনিৰ্ভৰশীল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল বহু নতুন পদক্ষেপ । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক অসম চৰকাৰেও সঁহাৰি জনাইছিল । ৰাজ্যৰ উৎপাদন খণ্ডত এক নতুন জাগৰণ সৃষ্টিত গুৰুত্ব দিয়া হৈছিল । কিন্তু আশ্চৰ্যকৰ কথা যে ইতিহাস জড়িত হৈ থকা ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুকেইটা খাদী উদ্যোগ সক্ৰিয় কৰাৰ বাবে এইপর্যন্ত চৰকাৰে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ।

এটা সময়ত ৰাজ্যখনৰ কেইবাখনো জিলাৰ গ্ৰামাঞ্চলত থকা খাদী বৰ্ডৰ উৎপাদন কেন্দ্ৰসমূহ সক্ৰিয় হৈ আছিল । ৰাজ্যৰ ভিতৰত এই কেন্দ্ৰসমূহৰ জৰিয়তে উৎপাদিত থলুৱা সামগ্ৰীসমূহ ৰাজ্যতেই বিক্ৰী কৰা হৈছিল । ইয়াৰ বাবে খাদী ব'ৰ্ডৰ কেইবাখনো জিলাত আছে নিজা বিপণী । অর্থাৎ উৎপাদন কেন্দ্ৰ যেনেদৰে আছে, ঠিক সেইদৰে বিপণীও আছে । কিন্তু এতিয়া পূৰ্বতে স্থাপন কৰা ভালেসংখ্যক উৎপাদন কেন্দ্ৰ নিস্ক্ৰীয় হৈ পৰিছে ।

কেঁচা সামগ্ৰী যোগান ধৰিব নোৱাৰাত বন্ধ হৈ পৰিছে ভালেকেইটা উৎপাদন কেন্দ্ৰ । জানিব পৰা মতে অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কামৰূপত ৮ টা, নলবাৰীত ৭ টা, বৰপেটা আৰু মৰিগাঁৱত ৩ টা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দৰং, শোণিতপুৰ, গোলাঘাট, লখিমপুৰ, কাছাৰ আৰু হাইলাকান্দিত এটাকৈ, গোৱালপাৰা, নগাঁও, যোৰহাট, শিৱসাগৰ, কৰিমগঞ্জ আৰু ডিমা হাছাওত ২ টাকৈ আৰু কাৰ্বি আংলং জিলাত ৪টা উৎপাদন কেন্দ্ৰ আছিল ।

কিন্তু এতিয়া এইসমূহ উৎপাদন কেন্দ্ৰৰ ভালেসংখ্যকৰে উৎপাদন সীমিত । কোনো কোনো উৎপাদন কেন্দ্ৰত উৎপাদনেই বন্ধ হৈ পৰিছে । উৎপাদন বন্ধ হৈ পৰাত যন্ত্ৰপাতিও জহি-খহি গৈছে । এক কথাত চৰকাৰে এই উৎপাদন কেন্দ্ৰসমূহ সক্ৰিয় কৰাৰ বিশেষ পদক্ষেপ লোৱা নাই । ইফালে পুঁজিৰ অভাৱত খাদী বৰ্ডেও নিষ্ক্ৰীয় উদ্যোগসমূহ সক্ৰিয় কৰাৰ পদক্ষেপ ল’ব পৰা নাই । খাদী ব’ৰ্ডে নিজৰ আয়েৰে কৰ্মচাৰীক দৰমহা দিবলৈও সক্ষম হোৱা নাই ।

প্ৰতি মাহত দৰমহাৰ বাবে চৰকাৰৰ ওচৰত পুঁজিৰ আবণ্টন বিচাৰিব লাগে । অৱসৰপ্ৰাপ্ত কৰ্মচাৰীকো অৱসৰকালীন ধন দিবলৈ অসমর্থ হৈছে খাদী ব'ৰ্ড । যাৰ ফলত এতিয়া এই থলুৱা উৎপাদন কেন্দ্ৰসমূহ মৃত্যুৰ দিশলৈ এটাৰ পাছত এটাকৈ গতি কৰিছে । চৰকাৰে খাদী ব'ৰ্ডৰ উৎপাদন কেন্দ্ৰসমূহ সক্ৰিয় কৰি তুলিলে স্থানীয় শিপিনীসকলৰো সংস্থাপনৰ পথ নিশ্চিত হ'লহেঁতেন । অৰুণোদয় আঁচনিৰ বহু হিতাধিকাৰী এই কেন্দ্ৰসমূহৰ জৰিয়তে সহজতে স্বাৱলম্বী হোৱাৰ সুযোগ পালেহেঁতেন ।

কিন্তু এতিয়া দিনে দিনে লোকচানৰ দিশলৈ গতি কৰা খাদী ব’ৰ্ড নিয়াৰিকৈ পৰিচালনা কৰিবলৈ কৰ্মচাৰীৰো অভাৱ হৈছে । অৱসৰ পোৱা কৰ্মচাৰীৰ সংখ্যা অনুপাতে নতুন নিযুক্তি মুকলি কৰিব নোৱৰাত দিনে দিনে লোকচানৰ দিশলৈ গতি কৰিছে খাদী ব’র্ড । যাৰ পৰিপ্ৰেক্ষিতত বন্ধ হোৱাৰ উপক্ৰম হৈছে এটাৰ পাছত আনটোকৈ উৎপাদন কেন্দ্ৰ ।

লগতে পঢ়ক:Suicides in the city: মহানগৰীত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা

ABOUT THE AUTHOR

...view details