গুৱাহাটী, 30 আগষ্টঃ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত শীঘ্ৰে নিযুক্তি দিয়ক 2577 জন থলুৱা যুৱক-যুৱতীক । এই দাবী অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা,অনুসূচিত জাতি বি টি চি ছাত্ৰ সন্থা সহ বহু কেইটা দল সংগঠনৰ ।
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত থলুৱা যুৱক-যুৱতীক নিযুক্তি !
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত শীঘ্ৰে নিযুক্তি দিয়ক 2577 জন থলুৱা যুৱক-যুৱতীক - এই দাবী অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা,অনুসূচিত জাতি বি টি চি ছাত্ৰ সন্থা সহ বহু কেইটা দল সংগঠনৰ ।
গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই দাবী তোলে সংগঠনকেইটাই । ব্ৰিটিছ আমোলৰ দিনৰে পৰা ভাৰতীয় আইন 135 মতে ৰে'লৱেৰ চাকৰিত 15% পদ অনুসূচিত জাতিৰ যুৱক যুৱতীয়ে পাব লাগে । কিন্তু সেয়া বৰ্তমানেও হৈ নুঠিল । গতিকে ৰে'লৱেত খালী হৈ থকা গ্ৰুপ ডিৰ পদ সমূহত মকৰল কৰক অনুসূচিত জাতিৰ যুৱক-যুৱতীক । লগতে ৰে'লৱে বাহিৰে অন্য বিভাগতো এতিয়াৰে পৰা থলুৱা যুৱক-যুৱতীকহে নিযুক্তি দিব পাৰিব বুলি হুংকাৰ দিয়ে । অন্যথা ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সকীয়নি দিয়ে সংগঠনকেইটাই ।