অসম

assam

ETV Bharat / state

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শংকৰদেৱৰ তিৰোভাৱ তিথি - Srimanta Sankardeva Tirobhava Tithi

সমগ্ৰ ৰাজ্যতে সোমবাৰে উলহ-মালহেৰে পালন কৰা হৈছে একশৰণ নামধৰ্ম দৰ্শনৰ বাটকটীয়া তথা সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি (Srimanta Sankardeva Tirobhava Tithi)। ভাৰতীয় জনতা পাৰ্টিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়তো পালন কৰা হয় এই তিৰোভাৱ তিথি।

Srimanta Sankardeva Tirobhava Tithi
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শংকৰদেৱৰ তিৰোভাৱ তিথি

By

Published : Aug 29, 2022, 6:31 PM IST

গুৱাহাটী,‌‌ ২৯ আগষ্ট:কৃষ্টি-সংস্কৃতি, সাহিত্য আৰু আধ্যাত্মিক জ্ঞান চৰ্চাৰে অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্রতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি পবিত্ৰ তিৰোভাৱ তিথি ৷ সেই উপলক্ষে সোমবাৰে ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত উলহ-মালহৰে পালন কৰা হয় (BJP observed Sankardeva Tirobhava Tithi)।

এই উপলক্ষে অনুষ্ঠিত হোৱা নাম-কীৰ্তনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অংশগ্রহণ কৰি গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনোৱাৰ লগতে ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰি সেৱা আগবঢ়ায় । উল্লেখ্য় যে, গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি উপলক্ষে দলৰ ৰাজ্যিক কার্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্য মুখপাত্র কামাখ্যা প্রসাদ তাছা, কেবিনেট মন্ত্রীদ্বয় যোগেন মোহন আৰু জয়ন্ত মল্লবৰুৱা, সাংসদ পল্লৱ লোচন দাস আৰু পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি দলৰ শতাধিক কার্যকর্তা উপস্থিত থাকে ।

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শংকৰদেৱৰ তিৰোভাৱ তিথি

উল্লেখ্য় যে, সংস্কৃতিৰ বাহক, একশৰণ নাম ধৰ্ম দৰ্শনৰ বাটকটীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথি (Srimanta Sankardeva Tirobhava Tithi)। নামধৰ্মৰ অমৃত ৰসেৰে বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰেৰে একত্ৰিত সমাজ গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হোৱা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি আজি সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে ।

লগতে পঢ়ক:বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰােভাৱ তিথি পালন

For All Latest Updates

ABOUT THE AUTHOR

...view details