গুৱাহাটী, 11 আগষ্ট: অসমীয়া ছবি জগতত শ্ৰী ৰঘুপতিয়ে গঢ়িলে নতুন অভিলেখ । ছবিগৃহত ১০ সপ্তাহ সগৌৰৱে চলাৰ পিচত ১০ আগষ্টত অন্ত পৰিল অসমীয়া ছবি শ্ৰী ৰঘুপতিৰ ছবিগৃহৰ যাত্ৰা । ২ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা ছবিখনৰ বিগত ১০ সপ্তাহত মুঠ কালেকচন ১৩,৮১,০৫,১৮৭ টকা ।
শ্ৰী ৰঘুপতিৰ এই বৃহৎ সফলতাই অসমীয়া ছবি জগতৰ বাবে কঢ়িয়াই আনিছে এক আশাৰ বতৰা । মণিৰত্ন এণ্টাৰটেইনমেণ্টে নিবেদন কৰা শ্ৰী ৰঘুপতি ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনা-সুব্ৰত কাকতিৰ । প্ৰযোজনা শৈলেন শৰ্মাৰ । কাহিনী আৰু সংলাপ অভিনেতা ৰবি শৰ্মাৰ । ছবিখনত ৰঘুপতিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা ৰবি শৰ্মাই।
যোৱা জুন মাহৰ ৫ তাৰিখে ছবিগৃহলৈ আহিছিল অসমীয়া ছবি শ্ৰী ৰঘুপতি। ছবিখনৰ মুক্তিৰ পিচতেই ছবিগৃহত দৰ্শকে যথেষ্ট আশাপ্ৰদ সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছিল ছবিখনৰ প্ৰতি । ছবিখনৰ প্ৰথম তিনি সপ্তাহত মুঠ কালেকচন আছিলে প্ৰায় ৬ কোটি ।
আনহাতে ছবিখনৰ কাহিনীভাগৰ কথা যদি উল্লেখ কৰো ছবিখন আৰম্ভণিৰে পৰাই কাহিনীভাগৰ এক সুচল গতি, যি গতি ক’তো মন্থৰ হোৱা বা আমনিদায়ক হোৱাৰ কোনো অৱকাশ নাই । এজন চৰকাৰী ACS বিষয়া ৰঘুপতিৰ পৰিয়াল আৰু প্ৰেয়সীৰ লগতে এগৰাকী ভগ্নী আছে । চৰিত্ৰবোৰ এইখিনিলৈকে প্ৰত্যশিত যদিওবা, কাহিনীভাগ অপ্ৰত্যাশিত । বহু চিনেমাত দেখিবলৈ পোৱাৰ দৰে বলপূৰ্বক কাৰুণ্য বা হাস্যৰসৰ প্ৰয়োগ হোৱা নাই ছবিখনত ।
আনহাতে ছবিখন নায়ক প্ৰধান ছবি যদিও, আন বহু ছবিৰ দৰে সকলো সময়তে নায়কক বীৰ সজাবলৈও যোৱা পৰিলক্ষিত নহয় । ছবিখনত নিজৰ অভিনয় শৈলীৰে দৰ্শকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনত অভিনয় কৰিছে অৰুণ হাজৰিকা, অৰুণ নাথ, প্ৰিয়ম পল্লৱী, প্ৰীতিকংকনা কে ধৰি বহু কেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
ইফালে শ্ৰী ৰঘুপতি ছবিখনত সত্তৰৰ দশকৰ পৰা সচৰাচৰ সহজ-সৰল চৰিত্ৰতে অভিনয় কৰি অহা বিশিষ্ট অভিনেতা অৰুণ নাথক দেখা গ’ল অনন্য ৰূপত, যিটো চলচ্চিত্ৰ প্ৰেমীৰ বাবে আছিল কল্পনাৰো অগোচৰ ।
লগতে পঢ়ক:ETV Interview: ছুপাৰ ষ্টাৰ ৰবি শৰ্মাৰ সৈতে শ্ৰী ৰঘুপতিৰ আঁৰৰ কাহিনী