গুৱাহাটী, 30 আগষ্ট: আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিভিন্ন নামঘৰ, সত্ৰ আদিত পালন কৰা হৈছে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ৷ ইয়াৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ পালন কৰা হৈছে জন্মাষ্টমী ৷ সেই অনুসৰি মহানগৰীৰ উলুবাৰীৰ ইস্কন মন্দিৰ প্ৰাংগণত সীমিত সংখ্যক ভক্তৰ উপস্থিতিত সম্পূৰ্ণ ক'ভিড নীতি নিয়ম মানি শ্ৰীকৃষ্ণৰ নাম কীৰ্তনৰ আয়োজন কৰা হয় ৷
আনহাতে হৰেকৃষ্ণ মুভমেন্টৰ উদ্যোগত আমিনগাঁৱত থকা হৰেকৃষ্ণ মন্দিৰ প্ৰাংগণত চাৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ চৰকাৰী ক'ভিড নীতি নিয়ম মানি 28 ৰ পৰা 31 আগষ্টলৈ পালন কৰা হৈছে এই কাৰ্যসূচী ৷ ক'ভিড প্ৰটকল মানি তথা সীমিত সংখ্যক ভক্তৰ উপস্থিতিত এই কাৰ্যসূচীভাগ পালন কৰা হৈছে বুলি জনাইছে উদ্যোক্তা সকলে ৷ ইপিনে মহানগৰীৰ নামঘৰ সমূহতো অনুষ্টুপীয়াকৈ কৃষ্ণ জন্মাষ্টমী উপলক্ষে নাম প্ৰসংগ কৰা দেখিবলৈ পোৱা গৈছে ৷