অসম

assam

ETV Bharat / state

Spice Prices Skyrocketed: বজাৰত হোৰা হোৰে বৃদ্ধি পাইছে মছলাৰ দাম - শুকান জলকীয়া

অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক হাৰত দাম বৃদ্ধি পোৱাৰ পাচত এইবাৰ বজাৰত বৃদ্ধি পাইছে মছলা জাতীয় সামগ্ৰীৰ দাম ৷ বজাৰত পূৰ্বৰ দুইৰ পৰা তিনিগুণলৈ বৃদ্ধি পাইছে মছলাৰ দাম ৷

Spice Prices Skyrocke
Spice Prices Skyrocke

By

Published : Aug 2, 2023, 4:44 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ জুইয়ে দহিছে সাধাৰণ জনতাক

গুৱাহাটী, ২ আগষ্ট: অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ জুইয়ে দহিছে সাধাৰণ জনতাক । শাক পাচলি, চাউলৰ, ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পিচতে এইবাৰ হোৰা-হোৰে বৃদ্ধি পাইছে মছলাৰ দাম ৷ দুগুণ তিনিগুণলৈ বৃদ্ধি হৈছে জিৰা, জালুক, শুকান জলকীয়াকে ধৰি আন আন মছলাৰ দাম ।

প্ৰতিকিলোগ্ৰাম জিৰা ৭০০ টকা, জলকীয়া ৪০০ টকা, জালুক ৬০০ টকা, মগজ ১০০০-১২০০ টকা পৰ্যন্ত বজাৰত বিক্ৰী হৈছে ৷ ১০০ গ্ৰামৰ প্ৰতি পেকেট জিৰাৰ গুৰিত বৃদ্ধি পাইছে ৩০ টকা পৰ্যন্ত । যাৰ ফলত দোকানী গ্ৰাহকৰ মাজত সৃষ্টি হৈছে তৰ্ক বিতৰ্কৰ ৷

ব্যৱসায়ীয়ে জনোৱা মতে পূৰ্বতে প্ৰতিকিলোগ্ৰাম জিৰাৰ দাম আছিল ৩৫০-৪০০ টকা ৷ কিন্তু প্ৰায় এমাহৰ পৰা জিৰাৰ দাম হৈছেগৈ ৬০০-৭০০ টকা, ৩০০ টকীয়া শুকান জলকীয়াৰ গুৰি হৈছে ৩৫০-৪০০ , জালুক প্ৰতিকিলোগ্ৰাম ৩০০ পৰা হৈছেগৈ ৬০০ টকা, মগজ ৪০০ টকাৰ পৰা হৈছে ১০০০ টকা ।

তদুপৰি ১০০ গ্ৰামৰ জিৰাৰ গুৰিৰ পেকেট ৫৫ টকাৰ পৰা ৮৫ টকা, জালুকৰ গুৰিৰ ১০০ গ্ৰামৰ পেকেট ৪৫ টকাৰ পৰা ৫৫ টকা পৰ্যন্ত বৃদ্ধি হৈছে ৷ এই দামবৃদ্ধিৰ প্ৰভাৱ ব্যৱসায়ী-গ্ৰাহক দুয়োটা শ্ৰেণীৰ মাজত পৰিছে । মগজৰ দুই তিনিগুণ দাম বৃদ্ধি হোৱাৰ ফলত মগজ বিক্ৰী বন্ধ কৰা হৈছে বুলি মন্তব্য এগৰাকী ব্যৱসায়ীৰ ।

উল্লেখ্য যে জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়ে জুৰুলা কৰাৰ পিচতো কাণসাৰ নাই চৰকাৰৰ ৷ বজাৰত চৰকাৰৰ নিয়ন্ত্ৰণ নোহোৱাৰ ফলতে অসাধু ব্যৱসায়ীয়ে মুনাফা লাভৰ উদ্দ্যেশ্যৰে হোৰা-হোৰে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম । ফলত সৰ্বসাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে ।

লগতে পঢ়ক:Heatwave in Assam: গুৱাহাটী মহানগৰীত পুনৰ পুৱা ৭-৩০ বজাৰ পৰা হ’ব বিদ্যালয়ৰ পাঠদান

ABOUT THE AUTHOR

...view details