অসম

assam

ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সাফল্য কৃষ্ণভৰ - Krishnav Kalita

'Muscular dystrophy' ৰোগত আক্ৰান্ত হৈ শৰীৰৰ ৮০ শতাংশ মাংস পেশীয়ে বৰ্তমান অচল হৈ পৰিছে কৃষ্ণভৰ ৷ চিকিৎসকৰ মন্তব্য যে দুবছৰত কৈ অধিক কাল জীয়াই থকাটোও কঠিন হ'ব কৃষ্ণভৰ বাবে ৷

Specially able student Krishnav got 87% in HSLC exam
হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সাফল্য কৃষ্ণভৰ

By

Published : Jun 6, 2020, 8:37 PM IST

গুৱাহাটী, 6 জুনঃ হাতীগাঁৱৰ ছাত্ৰ কৃষ্ণভ জ্যোতি কলিতা । বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড.মহেশ কলিতাৰ একমাত্ৰ পুত্ৰ কৃষ্ণভ । শনিবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ গণিতত ১০০ শতাংশ নম্বৰ পাই সৰ্বমুঠ ৮৭ শতাংশ নম্বৰ পাবলৈ সক্ষম হয় কৃষ্ণভ । অন্য লোকৰ বাবে এয়া সাধাৰণ ফলাফল হ'লেও এজন বিশেষভাৱে সক্ষম যুৱকে কঢ়িয়াই অনা এই কৃতিত্বই সুখী কৰিছে প্ৰতিজন লোকক ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সাফল্য কৃষ্ণভৰ

'Muscular Dystrophy'ৰোগত আক্ৰান্ত হৈ শৰীৰৰ ৮০ শতাংশ মাংস পেশীয়ে বৰ্তমান অচল হৈ পৰিছে কৃষ্ণভৰ ৷ চিকিৎসকৰ মন্তব্য যে দুবছৰত কৈ অধিক কাল জীয়াই থকাটোও কঠিন হ'ব কৃষ্ণভৰ বাবে ৷ কিন্তু জীয়াই থকাৰ যুঁজত অবিৰতভাৱে যুঁজি সামন্তৰালকৈ নিজৰ শিক্ষা ক্ষেত্ৰখনতো চমক প্ৰদৰ্শন কৰি আহিছে কৃষ্ণভে । বৰ্তমান কৃষ্ণভৰ সপোন নিজকে আই এ এছ বিষয়া হিচাপে প্ৰতিষ্ঠিত কৰা ।

লগতে চাওকঃ প্ৰথম দহটা স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকল...

ABOUT THE AUTHOR

...view details