তেজপুৰ/গুৱাহাটী, 1 ফেব্ৰুৱাৰী:বুধবাৰে গুৱাহাটীৰ নাৰেংগীস্থিত সেনা চাউনীত(Narangi Army Camp) অসম চৰকাৰৰ ‘আৰোহন’ আঁচনিত অধীনত ‘আপোনাৰ সেনাক চিনি লওক’(Know Your Amry) শীৰ্ষক এক বিশেষ কৰ্মশালা অনুষ্ঠিত হয় ৷ এই কৰ্মশালাত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ 244 গৰাকী নৱম আৰু দশম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলক সামৰিক সেৱাৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷
আৰোহণ শীৰ্ষক ফ্লেগশ্বিপ আঁচনিৰ(AROHAN scheme) অধীনত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক ভাৰতীয় সেনাত যোগদান প্ৰক্ৰিয়া, অনুশীলন,শিক্ষা ব্যৱস্থা,দেশ প্ৰেম,যুদ্ধ ক্ষেত্ৰত কিদৰে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব আদি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে এনে বিষয়ৰ ওপৰত নিৰ্মাণ কৰা তথ্য চিত্ৰ প্ৰদৰ্শন কৰা হয় । তাৰোপৰি দেশ মাতৃৰ সেৱা আগবঢ়াই শত্ৰু পক্ষক পৰাভূত কৰি বিজয়ী হোৱা কেইবাগৰাকী সেনা বিষয়াই যুদ্ধ ক্ষেত্ৰৰ অভিজ্ঞতা ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰে ।
বুধবাৰৰ এই কৰ্মশালাত ভাগ লৈ অসম সন্তান তথা ইষ্টাৰ্ণ কামাণ্ডৰ জি অ’ চি ৰাণা প্ৰতাপ কলিতাই(GOC-in-C Rana Pratam Kalita) ৰঙিয়াৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি আজি কিদৰে এই পৰ্যায়ত উপনিত হ’বলৈ সক্ষম হৈছে সেই কথাও ছাত্ৰ-ছাত্ৰীৰ আগত বিস্তৃত ভাবে দাঙি ধৰে । অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপো কৰে সেনা বিষয়াগৰাকীয়ে ৷