গুৱাহাটী ৩ ডিচেম্বৰ: মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চলি আছে ATPO International Winter Expo 2022 । অহা 5 জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব লগা বানিজ্য মেলাখনৰ লগত সংগতি ৰাখি মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এখন বাণিজ্যিক আলোচনা চক্ৰৰো আয়োজন কৰা হয় (Maniram Dewan trade centre) ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা এই এক্সপ’ কাইলৈ অৰ্থাৎ ৫ জানুৱাৰী পৰ্যন্ত চলিব (Trade seminars in Betkuchi trade centre ) ৷
ট্ৰেড চেণ্টাৰত চলি থকা এই এক্সপ’ ৰ সৈতে সংগতি ৰাখি মংগলবাৰে অনুষ্ঠিত বানিজ্য সম্পৰ্কীয় বিশেষ আলোচনাচক্ৰখনত বাংলাদেশ আৰু ভূটানৰ পৰা ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে দেশ দুখনৰ পৰা ৰপ্তানিৰ সম্ভাৱনা শীৰ্ষক বিষয় সন্দৰ্ভত আলোচনা কৰা হয় । বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰত চৰকাৰৰ সংস্থা দ্য এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছড ফুড প্ৰডাক্টছ এক্সপ'ৰ্ট ডেভেলপমেণ্ট অথৰিটি ( এপেডা)ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হয় এই আলোচনা চক্ৰখনৰ ৷ বাণিজ্যিক আলোচনা চক্ৰখন উদ্বোধন কৰে অসম চৰকাৰৰ উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰাই (Minister Bimal Bora) ৷
অনুষ্ঠানটোত বাংলাদেশ আৰু ভূটানৰ কেইবাগৰাকীও প্ৰতিনিধি উপস্থিত থাকে ৷ বাংলাদেশ আৰু ভূটানৰ পৰা ক্ৰমে ৰুহুল আমিন, ৰয়েল ভূটানিষ্ঠ কনছুলেট জেনেৰেল ফুৰ্পা চেৰিঙে বাণিজ্যিক মেলাখন পৰিদৰ্শন কৰাৰ লগতে আলোচনাচক্ৰখনত অংশগ্ৰহণ কৰে ৷ অসম বাণিজ্য প্ৰসাৰ সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, অসম বাণিজ্য প্ৰসাৰ সংস্থাৰ উপাধ্যক্ষ মধু ৰাম ডেকাৰ লগতে অন্যান্য বিশেষজ্ঞসকলেও অংশগ্ৰহণ কৰে বাণিজ্যিক আলোচনা চক্ৰখনত ।