গুৱাহাটী,২ আগষ্ট:সমাগত ৰাখীবন্ধন । ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন । যিটো দিনত বায়েকে অথবা ভনীয়েকে ককায়েক বা ভায়েকৰ হাতত ৰাখী বান্ধে আৰু সেই ৰাখীতেই প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ, ইজনৰ সিজনৰ প্ৰতি থকা মংগলকামনা, প্ৰতিশ্ৰুতিবোৰ ৷
সেয়েহে ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয় । ৰাখীবন্ধনৰ পূৰ্বেই বজাৰত ভৰি পৰে ভিন্ন ধৰণৰ ৰাখীৰে । নিজৰ মন পছন্দৰ ৰাখীডাল ক্ৰয় কৰি ককায়েক বা ভায়েকৰ হাতত বান্ধিবলৈ বজাৰত ভিৰ কৰেহি ভিন্নজনে । এইবাৰ ৰাখীবন্ধনৰ পূৰ্বে মাইৰাৰ উদ্যোগত আয়োজন কৰা হৈছে এখনি বিশেষ বাণিজ্য মেলাৰ ।
ভিন্ন ডিজাইনৰ ভিন্ন ধৰনৰ ৰাখীৰ সমাহাৰ মাইৰা বাণিজ্য মেলাত । থলুৱা ব্যৱসায়ীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে বিগত প্ৰায় ৪ বছৰ ধৰি মাইৰাৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে এই বাণিজ্যমেলাখনিৰ । উক্ত মেলাত উপলব্ধ হৈছে বিভিন্ন ফেশ্বন ডিজাইনৰ ভিন্ন ধৰণৰ কাপোৰ, আ-অলংকাৰ, থলুৱা আচাৰ তথা খাদ্যৰ লগতে ৰাখী ।