গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃশুকুৰবাৰে মহানগৰীৰ সৰুসজাই খেলপথাৰত বিত্ত বিভাগৰ সহযোগত চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় 'চাহ বাগিছা ধন পুৰস্কাৰ আঁচনি'ৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠান। অনুষ্ঠানত চৰকাৰে চাহ বাগিছাৰ ছাত্ৰীসকলক প্ৰদান কৰে স্কুটী। ৬৫ শতাংশতকৈ অধিক নম্বৰপ্ৰাপ্ত ছাত্ৰীসকলক প্ৰদান কৰা হয় স্কুটী সমূহ ।
চাহ বাগিছাৰ লোকসকলৰ বাবে চৰকাৰৰ বিশেষ আঁচনি - Himanta Sharma
উন্নয়নৰ দিশত আগবাঢ়ি যাব চাহ বাগিছাৰ লোক : মন্ত্ৰী পল্লৱলোচন দাস
![চাহ বাগিছাৰ লোকসকলৰ বাবে চৰকাৰৰ বিশেষ আঁচনি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2458807-249-efbc1890-1338-4ab0-9f1a-90f399607e38.jpg)
ইফালে এই অনুষ্ঠানতেই চাহ বাগিছাৰ লোকসকলৰ বাবে কেইবাটাও বিশেষ আঁচনি ঘোষণা কৰে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিনামূলীয়াকৈ ২ কেজি চেনি, চাউল, পঢ়ি থকা শিক্ষাৰ্থীক বছৰি ১০ হাজাৰ টকা, হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰি থকা সকলক বছৰি ১৭ হাজাৰ টকা, গৰ্ভাৱতী মহিলাক ১২ হাজাৰ টকা, সৰু ব্য়ৱসায় কৰাৰ বাবে প্ৰায় ১০ হাজাৰ ল'ৰা ছোৱালীৰ মাজত ২৫ হাজাৰকৈ টকা প্ৰদান কৰাৰ কথাও ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে এনেবোৰ আঁচনিৰ জৰিয়তে চাহ বাগিছাৰ লোকসকল উন্নয়নৰ দিশত অতি ক্ষিপ্ৰতাৰে আগবাঢ়ি যাব বুলি মন্তব্য কৰে মন্ত্ৰী পল্লৱলোচন দাসে।