অসম

assam

By

Published : Feb 1, 2021, 2:28 PM IST

ETV Bharat / state

ৰাজ্যৰ চাহ শ্ৰমিক সকললৈ বিশেষ পেকেজ ঘোষণা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাৰ চাহ শ্ৰমিক সকল বিশেষভাৱে উপকিত হ’ব ধাৰণা কৰা হৈছে ৷ সম্প্ৰতি যদিও আঁচনি খনৰ বিষয়ে বিস্তৃত্ব ভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই ৷ তথাপিও 6.5 কোটি চাহ বাগিচাৰ শ্ৰমিক উপকিত হ’ব ৷ তাৰ ফলত ৰাজ্যখনৰ 800 ত কৈও অধিক ক্ষুদ্ৰ,মজলীয়া আৰু বৃহৎ চাহ বাগিচাত কাম কৰা অথবা চাহ বাগিচাত বাস কৰা শ্ৰমিকসকল উপকিত হোৱাৰ সম্ভাৱনা আছে ৷

ৰাজ্যৰ চাহ শ্ৰমিক সকললৈ বিশেষ পেকেজ ঘোষণা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
ৰাজ্যৰ চাহ শ্ৰমিক সকললৈ বিশেষ পেকেজ ঘোষণা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

নিউজ ডেস্ক,1 ফেব্ৰুৱাৰীঃ আজি সংসদত 2020-21 বৰ্ষৰ দেশৰ সাধাৰণ বাজেট দাখিল কৰিলে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ বিভিন্ন ক্ষেত্ৰলৈ বহু পেকেজ ঘোষণা কৰাৰ মাজতে অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিক সকললৈ বিশেষ পেকেজ ঘোষণা কৰা পৰিলক্ষিত হ’ল ৷ যাৰ জৰিয়তে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাৰ চাহ শ্ৰমিক সকল বিশেষ ভাবে উপকিত হ’ব বুলি ধাৰণা কৰা হৈছে ৷ সম্প্ৰতি যদিও আঁচনি খনৰ বিষয়ে বিস্তৃত্বভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই ৷ তথাপিও ৰাজ্য দুখনৰ 6.5 কোটি চাহ বাগিচাৰ শ্ৰমিক উপকিত হ’ব ৷ তাৰ ফলত ৰাজ্যখনৰ 800 ত কৈও অধিক ক্ষুদ্ৰ,মজলীয়া আৰু বৃহৎ চাহ বাগিচাত কাম কৰা অথবা চাহ বাগিচাত বাস কৰা শ্ৰমিক সকল উপকিত হোৱাৰ সম্ভাৱনা আছে ৷

ৰাজ্যৰ চাহ শ্ৰমিক সকললৈ বিশেষ পেকেজ ঘোষণা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

ভাৰতবৰ্ষত চাহ বাগিচাত কাম কৰা শ্ৰমিকৰ সংখ্যা প্ৰায় ৬.৫ কোটি বুলি অনুমান কৰা হৈছে ৷ তাৰ ভিতৰত প্ৰায় ৪ নিযুত অসমৰ চাহ উৎপাদনকাৰী অঞ্চলত বিস্তৃত্ব হৈ থকা চাহ বাগিচাৰ ভিতৰত আৱাসিক মহলত বাস কৰে ৷ একেদৰে পশ্চিম বংগ আৰু অসমৰ ২.৫ কোটি চাহ শ্ৰমিক চাহ বাগিচা অঞ্চলত থকা গাওঁবোৰত বাস কৰে । উল্লেখযোগ্য যে,অসমত বসবাস কৰা চাহ বাগিচাৰ শ্ৰমিকসকল অসমৰ আটাইতকৈ পিছপৰা আৰু শোষিত সম্প্ৰদায়ৰ ভিতৰত এটা বুলি ধৰা হয়। ইপিনে তেওঁলোকে চাহ বাগিচাৰ কোৱাৰ্টাৰবোৰত বাস কৰে য’ত মৌলিক সুবিধা সমূহৰ অবিহনে ।

মনকৰিবলগীয়া অসমৰ চাহ বাগিচাৰ জনজাতিসকলে অনুসূচীত জনজাতিৰ মৰ্যদা লাভ কৰিবলৈ বহু দশক ধৰি যুঁজ কৰি আহিছে ৷ যি সময়ত অসমত তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰ বাবে দাবী কৰি আহিছে কিন্তু সেই সময়তে দেশৰ অন্যান্য ৰাজ্যত তেওঁলোকৰ দৰে চাহ শ্ৰমিক সকলে সেই মৰ্যদা সম্পূৰ্ণৰূপে উপভোগ কৰি আছে ।

লগতে পঢ়কঃ গুৱাহাটী জিএছ ৰোডত সোমবাৰে মুকলি হ'ল দুখনকৈ পদপথ সেঁতু

ABOUT THE AUTHOR

...view details