অসম

assam

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 2:28 PM IST

Updated : Jan 4, 2024, 3:24 PM IST

ETV Bharat / state

দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাচত কি পাঠ্যক্ৰম অধ্যয়ন কৰিলে সহজতে উপাৰ্জনৰ পথ মুকলি হ’ব ?

Interview with career counselor Dr Buljit Buragohain : দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাচত কি পাঠ্যক্ৰম অধ্যয়ন কৰিলে সহজতে উপাৰ্জনৰ পথ-মুকলি হ’ব ? উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত কি কি বিষয়ত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিব পাৰে ? এই সম্পৰ্কে কেৰিয়াৰ পৰামৰ্শদাতা ড৹ বুলজিৎ বুঢ়াগোহাঁইৰ সৈতে এক সাক্ষাৎকাৰ ।

Interview with career counselor Dr Buljit Buragohain :
ড৹ বুলজিৎ বুঢ়াগোহাঁইৰ সৈতে এক সাক্ষাৎকাৰ

ড৹ বুলজিৎ বুঢ়াগোহাঁইৰ সৈতে এক সাক্ষাৎকাৰ

গুৱাহাটী, 4 জানুৱাৰী :বৰ্তমান সময়ত অসমৰ প্ৰতিখন জিলাতে এখনকৈ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্ৰ আছে । এই প্ৰতিষ্ঠান কেন্দ্ৰসমূহত বিভিন্ন ধৰণৰ এবছৰৰ পৰা দুবছৰীয়া কাৰিকৰী প্ৰশিক্ষণ দিয়া হয় । লগতে অষ্টম শ্ৰেণীৰ উত্তীৰ্ণসকলৰ বাবেও কিছু পাঠ্যক্ৰম আছে । যিবোৰ পাঠ্যক্ৰম সমাপ্ত কৰি তেওঁলোকে উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে ।

ৱেল্ডাৰ, ইলেক্টিচিয়ান, কাৰ্পেন্টাৰ আদিকে ধৰি কম্পিউটাৰ বিষয়ক, অট’ম’বাইল ইঞ্জিনিয়াৰিঙৰ দৰে বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম আছে । যিবোৰ বিষয়ত এবছৰীয়া বা দুবছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰি শিক্ষাৰ্থীসকলে কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰে । ইয়াৰে কিছু ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা পৰিষদৰ আৰু কিছু ৰাজ্যিক বৃত্তিমূলক শিক্ষা পৰিষদৰ অনুমোদন থকা পাঠ্যক্ৰম ।

কিছু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কিছু বৃত্তিমুখী পাঠ্যক্ৰম আছে । সেই পাঠ্যক্ৰমসমূহ কৃষি ভিত্তিক, অভিযান্ত্ৰিক ভিত্তিক বা কম্পিউটাৰ বিজ্ঞান ভিত্তিকৰ লগত সংলগ্ন । সেই পাঠ্যক্ৰমসমূহো সমাপ্ত কৰি ছাত্ৰ-ছাত্ৰীসকলে কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰে ।

লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচত পলিটেকনিকেলৰ তিনিবছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে । পলিটেকনিকত নামভৰ্তিৰ বাবে এটা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে । বিজ্ঞান আৰু গণিত বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি 100 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হয় । এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচত নিজৰ ইচ্ছা অনুসৰি শাখাসমূহ নিৰ্বাচন কৰিব পাৰে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচতো ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈয়ো কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিব পাৰে । ITA বা পলিটেকনিক বা বৃত্তিমুখী পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পাচত ইচ্ছা কৰিলে পুনৰ উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান বা বাণিজ্য শাখাত নামভৰ্তি কৰিব পাৰে ।

লগতে পঢ়কত :HSLC ত উত্তীৰ্ণ হোৱাৰ পিচত কেনেদৰে বিষয় বা শাখা নিৰ্বাচন কৰিব লাগে ?

Last Updated : Jan 4, 2024, 3:24 PM IST

ABOUT THE AUTHOR

...view details